নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনৰ লোভ দি ছাত্ৰীৰে অপকৰ্ম লম্পট ছাৰ নুৰনবী মোল্লাৰ

শিক্ষকতাৰ দৰে পবিত্র বৃত্তিত কলংকৰ দাগ লগালে এগৰাকী শিক্ষকে। দহ বছৰীয়া ছাত্ৰীৰ শ্লীলতাহানি তথাকথিত শিক্ষকগৰাকীৰ। এই জঘন্য ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ লক্ষীপুৰত।

বিশেষ কাৰণত বিদ্যালয় এৰা বা অশিক্ষিত লোকক শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যত নিয়োজিত এগৰাকী পঞ্চাশোর্ধ্বৰ শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে শ্লীলতাহানিৰ অভিযোগ।

লক্ষীপুৰ নগৰৰ জামে মছজিদপাৰাৰ নুৰনবী মোল্লা নামৰ এইগৰাকী শিক্ষকৰ এনে নিৰ্লজ্জ কাণ্ড। হাতত পাঁচ, দহ টকা দি অপকৰ্ম কৰি আহিছিল নুৰনবী মোল্লাই। মোল্লাৰ এনে অপকর্মৰ বিৰুদ্ধে লক্ষীপুৰ থানাত এজাহাৰ দাখিল কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে।

এজাহাৰ দাখিলৰ লগে লগে পাষণ্ড মাষ্টৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পকচো আইনৰ অধীনত জেললৈ প্ৰেৰণৰ  ব্যৱস্থা গ্ৰহণ কৰে।

ডিজিটেল ডেস্ক, ২৭ জুন

You might also like