ডিজিটেল ডেস্ক, ২৮ জুন : গহপুৰৰ পৰা নুমলীগড়লৈ প্রস্তাৱিত ব্রহ্মপুত্র নদীৰ তলেৰে নির্মাণ হ’ব লগা সুৰংগক লৈ সামাজিক মাধ্যমত শনিবাৰে মুখ্যমন্ত্রীয়ে প্রকাশ কৰিলে এক দীঘলীয়া পোষ্ট৷ কেন্দ্রীয় কেবিনেটে ইতিমধ্যে অনুমোদন জনোৱা এই প্রকল্পৰ চূড়ান্ত ডিপিআৰো প্রস্তুত হৈছে৷ দেশৰ ভিতৰত প্রথমটো ৰে’ল যোগাযোগ আৰু পথ যোগাযোগত থকা এই সুৰংগই অসম তথা উত্তৰ–পূবলৈ নমাই আনিব অভাৱনীয় পৰিৱর্তন৷
সামাজিক মাধ্যমত গহপুৰ–নুমলীগড় সংযোগী সুৰংগক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক পোষ্টত লিখিছে– ৬ ঘণ্টাৰ দীঘলীয়া যাত্রা এতিয়া সম্পূর্ণ হ’ব মাত্র ২০ মিনিটত৷ গহপুৰ–নুমলীগড় সংযোগী সুৰংগ কেৱল এক অত্যাধুনিক আন্তঃগাঁথনি প্রকল্প নহয়, ই হৈছে উত্তৰ–পূবৰ সংযোগ, প্রগতি আৰু ৰাষ্ট্রীয় সুৰক্ষাক নতুন গতি প্রদান কৰা এক যুগান্তকাৰী পদক্ষেপ৷ এই অভিযান্ত্রিক পদক্ষেপে যাতায়াত অধিক সহজ আৰু দ্রুত কৰাৰ লগতে সমগ্র অঞ্চলটোক অধিক ওচৰ চপাই আনিব৷
উল্লেখ্য যে বর্তমান গহপুৰ আৰু নুমলীগড়ৰ দূৰত্ব প্রায় ২৪০ কিলোমিটাৰ৷ এই দূৰত্ব অতিক্রম কৰিবলৈ প্রয়োজন হয় প্রায় ৬ ঘণ্টাৰ৷ কিন্তু সুৰংগ নির্মাণ সম্পূর্ণ হোৱাৰ পিছত পথৰ দূৰত্ব ৩৪ কিলোমিটাৰলৈ হ্রাস পাব আৰু ৬ ঘণ্টাৰ পৰা ২০ মিনিটলৈ হ্রাস পাব যাতায়াতৰ সময়৷
লক্ষণীয়ভাৱে এইটোৱেই হ’ব দেশৰ প্রথমটো আৰু বিশ্বৰ দ্বিতীয়টো ৰে’ল–ৰোড সুৰংগ৷ এই সুৰংগ নির্মাণ হৈ উঠিলে অসমেই নহয়, উত্তৰ–পূবৰ আন আন ৰাজ্যসমূহেও লাভ কৰিব গুৰুত্বপূর্ণ সুবিধা৷ ইয়াৰ ফলত মালবাহী পৰিবহণৰ কার্যক্ষমতা বৃদ্ধি পাব, ল’জিষ্টিক খৰচ হ্রাস পাব৷ সুৰংগটোৱে উত্তৰ–পূবৰ সংযোগৰ ক্ষেত্রত এক বৃহৎ উত্থান ঘটাব৷ ৩৩.৭ কিলোমিটাৰ দৈর্ঘ্যৰ এই সুৰংগটো নির্মাণত ব্যয় হ’ব ১৮,৬৬২ কোটি টকা৷
মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমত এই সন্দর্ভত প্রকাশ কৰিছে এক ভিডিঅ’৷ কার্যতঃ এই সুৰংগই নতুন অসম গঢ়াৰ যাত্রাত এক মাইলৰ খুঁটি হ’ব বুলিও তেওঁ উল্লেখ কৰিছে৷