ডিজিটেল ডেস্ক, ২৮ জুন: কলিয়াবৰৰ দৌলপুখুৰী গাঁৱত শনিবাৰে নিশা এক শোকাৱহ ঘটনা সংঘটিত হয়। শিলঘাট-গুৱাহাটী ডেমু ৰে’লৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয়।
জানিব পৰা মতে, নিশা শিলঘাট অভিমুখী শিলঘাট-গুৱাহাটী ডেমু ৰে’লখনে দৌলপুখুৰী গাঁৱৰ ৰে’ল লাইনৰ ওপৰত এজন লোকক খুন্দিয়ায়। ঘটনাটোত থিতাতে নিহত হয় প্ৰায় ২৭ বছৰীয়া লক্ষাই খাৰিয়া নামৰ লোকজন।
ঘটনাৰ পিছত ৰে’ল আৰক্ষীৰ লগতে জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। দৌলপুখুৰী গাঁৱৰ ৰে’ল লাইনৰ ওপৰত নিহত যুৱকজনৰ মৃতদেহ ছিন্ন-বিচ্ছিন্ন অৱস্থাত উদ্ধাৰ কৰা হয় লোকজনৰ মৃতদেহ।
নিহত লক্ষাই খাৰিয়া ৰে’ল লাইনৰ সমীপৱৰ্তী অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তেওঁ কেনেদৰে ৰে’ল লাইনৰ ওপৰত উপস্থিত হৈছিল বা কি পৰিস্থিতিত এই দুৰ্ঘটনা সংঘটিত হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে।