ডিজিটেল ডেস্ক, নলবাৰী, ২৮ জুন : দুগৰাকী গৱেষকে মেঘালয়ৰ খাচী পাহাৰত থকা গুহাৰ পৰা দুটা সম্পূর্ণ নতুন অতি ক্ষুদ্র শামুকৰ প্রজাতিৰ সন্ধান উলিয়াইছে৷ গৱেষক দুগৰাকীৰ এগৰাকী হৈছে নলবাৰী জিলাৰ চামতাস্থিত কামৰূপ মহাবিদ্যালয়ৰ প্রাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ নিপু কুমাৰ দাস আৰু আনগৰাকী হৈছে কর্ণাটকৰ ATREE নামৰ সংস্থানটোৰ বিজ্ঞানী ড০ নীলাভৰ অনন্তৰাম অৰবিন্দ৷
এই আৱিষ্কাৰ বিশ্ববিখ্যাত European Journal of Taxonomy নামৰ গৱেষণা গ্রন্থত প্রকাশ পাইছে৷ আৱিষ্কৃত নতুন প্রজাতি দুটাৰ নাম হৈছে Georissa meghalayaensis আৰু Acmella bensoni Georissa meghalayaensis৷ মেঘালয়ৰ বিখ্যাত Krem Puri গুহাৰ প্রৱেশদ্বাৰৰ ওচৰৰ সেমেকা শিলত এই প্রজাতি পোৱা গৈছে৷ কমলা–ৰঙা আৰু জালৰ দৰে সূক্ষ্ম খোলৰ গঠনে ইয়াক আন সকলো সমগোত্রীয় শামুকৰ পৰা পৃথক কৰিছে৷ মেঘালয়তে এতিয়ালৈকে এই প্রজাতিটো পোৱা গৈছে বাবে ৰাজ্যখনৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে৷
আনহাতে, Acmella bensoni আৱিষ্কাৰ কৰা হয় Krem Puri আৰু Arwah গুহাৰ ভিতৰৰ আর্দ্র শিলৰ দেৱালত৷ মাত্র কেইমিলিমিটাৰ আকাৰৰ এই শামুকটোৰ খোল বগা, সামান্য স্বচ্ছ আৰু অতি সূক্ষ্ম গঠনৰ৷ ভাৰতত শামুকৰ গৱেষণা কৰা বিজ্ঞানী William Henry Bensonৰ স্মৃতিত এই নতুন প্রজাতিটোৰ নাম bensoni ৰখা হৈছে৷
গৱেষকসকলৰ মতে, কেৱল মেঘালয়তেই ১,২০০তকৈ অধিক চূণশিলৰ গুহা আছে৷ এই গুহাবোৰ ক্ষুদ্র শামুক, কীট–পতংগ, কেঁকোৰা আৰু বহু নজনা জীৱৰ আশ্রয়স্থলী৷ কিন্তু এতিয়াও এই গুহাবোৰৰ জীৱ–বৈচিত্র্যৰ বৃহৎ অংশ বৈজ্ঞানিকভাৱে আৱিষ্কাৰ হ’বলৈ বাকী আছে৷ এই গৱেষণাৰ সময়ত মণিপুৰ আৰু মিজোৰামৰ পৰাও কেইবাটাও ক্ষুদ্র শামুকৰ নতুন আঞ্চলিক উপস্থিতিৰ তথ্য লিপিবদ্ধ কৰা হৈছে৷
ইপিনে, এই সন্দর্ভত গৱেষক ড০ নিপু কুমাৰ দাসে কয়– ‘গুহাৰ ভিতৰত লুকাই থকা এই ক্ষুদ্র জীৱবোৰ দেখিবলৈ সহজ নহয়৷ কিন্তু এইবোৰে পৃথিৱীৰ বিৱর্তন, জীৱ–বৈচিত্র্য আৰু সংৰক্ষণ বিজ্ঞানৰ বহু নজনা তথ্য বহন কৰি আছে৷ উত্তৰ–পূর্বাঞ্চলৰ গুহাবোৰত এতিয়াও বহু নতুন প্রজাতি আৱিষ্কাৰৰ সম্ভাৱনা আছে৷’ গৱেষকসকলে লগতে সতর্ক কৰি দিছে যে নিয়ন্ত্রণহীন গুহা পর্যটন, চূণশিল পাহাৰৰ খনন আৰু বাসস্থান ধ্বংসৰ ফলত এনে অতি সীমিত বিস্তৃতি থকা জীৱসমূহ সহজেই বিলুপ্তিৰ পথলৈ যাব পাৰে৷ সেয়েহে এই গুহাসমূহক কেৱল পর্যটনৰ স্থান হিচাপে নহয়, এক অনন্য জীৱ–বৈচিত্র্যৰ ভঁৰাল হিচাপে সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ গৱেষকসকলে জনায়৷