বিশেষ বাৰ্তা, তিনিচুকীয়া, ২৮ জুন : তিনিচুকীয়া চহৰত ৰক্তাক্ত পৰিৱেশৰ সূচনা কৰাৰ উদ্দেশ্যে ম্যানমাৰৰ পৰা আহি অসম-অৰুণাচল সীমান্তত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা দুই আলফা সদস্যক সহযোগ কৰাৰ অভিযোগত আটক হৈছে দুজনকৈ যুৱক।
উল্লেখযোগ্য যে যোৱা ২৬ জুনত জাগুনত তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আলফা সদস্যদ্বয় ক্ৰমে ছেকেণ্ড লেফটেনেণ্ট চিঞৰ অসম ওৰফে হোমেনজ্যোতি বৰুৱা (২৭) আৰু ছেকেণ্ড লেফটেনেণ্ট মনোজ অসম ওৰফে পাপু মৰাণে (২৭) এ আৰ-২০ এ-৫৮৯২ নম্বৰৰ ছুইফট বাহন ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছৰে পৰা আৰক্ষীয়ে দুয়োগৰাকী আলফা সদস্যক নিজৰ জিম্মাত লৈ মাৰাথন জেৰা অব্যাহত ৰখাৰ অন্তত স্বীকাৰোক্তিৰ ভিত্তিত তিনিচুকীয়াত কূটাঘাতৰ বাবে দুই আলফা সদস্যই ব্যৱহাৰ কৰা বাহনখনৰ গৰাকী বিতু বৰা বুলি নিশ্চিত কৰিছে।
ইতিমধ্যে উগ্ৰপন্থী সংগঠনক গাড়ী যোগানৰ অপৰাধত আৰক্ষীয়ে বিতু বৰাৰ লগতে আলফা সদস্যদ্বয়ক সহযোগ কৰা কল্প বৰাকো গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ধৃত কল্প বৰা আৰু বিতু বৰাৰ ঘৰ তিনিচুকীয়াৰ পানীতোলাত ৷ আনহাতে, গ্ৰেপ্তাৰ হোৱা কল্প বৰা সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আৰু বিতু বৰা ক্ৰীড়া সম্পাদক।
ইফালে, আলফা স্বাধীনৰ শীৰ্ষ নেতা আইছেং অসমৰ নিৰ্দেশতে ধৃত দুই যুৱকে গাড়ীখন যোগান ধৰা বুলি তিনিচুকীয়া আৰক্ষীক আলফা সদস্যদ্বয়ে স্বীকাৰোক্তি দিছে। তিনিচুকীয়া আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমানো তদন্ত অব্যাহত ৰাখিছে৷