নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ দেশত চলিব হাইড্র’জেন ট্রেইন, হাৰিয়ানাত সফল পৰীক্ষা

ডিজিটেল ডেস্ক, ২৮ জুন : বছৰটোৰ আৰম্ভণিতে জানিব পৰা গৈছিল যে দেশত প্রথম হাইড্র’জেন ইঞ্জিনচালিত ৰে’ল যাত্রীসেৱা আৰম্ভ কৰা হ’ব৷ এইবাৰ হাৰিয়ানাৰ ঝিন্দ–শোনিপট পথত সম্পন্ন হ’ল চূড়ান্ত হাইস্পীড ট্রায়েল৷

জানিব পৰা মতে, সর্বাধিক ১২০ কিঃমিঃ প্রতিঘণ্টাত গতি কৰিছে ৰে’লখনে৷ ইতিমধ্যে নেট বিশ্বত বিয়পি পৰিছে এই ৰে’লখনৰ ট্রায়েলৰ ভিডিঅ’৷ ট্রায়েলৰ সাফল্যক এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে দেখা গৈছে৷ ধাৰণা কৰা হৈছে এইবাৰ সমগ্র দেশতে এই ৰে’লৰ যাত্রীসেৱা আৰম্ভ কৰাত আৰু কোনো সমস্যা নাই৷ এই ৰে’লেই বিশ্বৰ দীর্ঘতম আৰু আটাইতকৈ শক্তিশালী হাইড্র’জেনচালিত ব্রডগেজ ৰে’ল হ’বলৈ আগবাঢ়িছে৷ এইক্ষেত্রত ৰে’লখনৰ প্রথমটো পথ হ’ব ঝিন্দ–শোনিপট পথটোৱেই৷ বাস্তৱ কর্মপৰিৱেশত নতুন প্রযুক্তিটো পৰীক্ষা কৰাৰ বাবে উপযুক্ত হিচাপে বিবেচনা কৰিয়েই এই ৰে’লখন এইটো পথত চলোৱা হৈছে৷

জানিব পৰা মতে, হাইড্র’জেন ফুৱেল–চেল প্রযুক্তিয়ে হাইড্র’জেন আৰু অক্সিজেনৰ মাজত ৰাসায়নিক বিক্রিয়াৰ মাধ্যমেৰে বিদ্যুৎ উৎপাদন কৰে৷ ইয়াৰ ফলতে পোনপটীয়া নির্গমন হিচাপে কেৱল জলীয়া বাষ্প উৎপন্ন হয়৷ প্রচলিত ডিজেলচালিত ৰে’লৰ তুলনাত ই বহু বেছি পৰিচ্ছন্ন বিকল্প৷ লগতে শব্দ আৰু বায়ু প্রদূষণ হ্রাসৰ ক্ষেত্রতো ই সহায় কৰিব৷ ফলত সম্প্রতি হাইড্র’জেন ট্রেইনক লৈ বহু বেছি বৃদ্ধি পাইছে প্রত্যাশা৷ বিশ্বৰ পঞ্চমখন দেশ হিচাপে হাইড্র’জেন ট্রেইন চলোৱাৰ গৌৰৱ অর্জন কৰিব ভাৰতে৷

চেন্নাইৰ ইণ্টেগ্রেল কোচ ফেক্টৰীত এই ট্রেইনখন নির্মাণ কৰা হৈছে৷ তাতেই ট্রায়েল ৰানো সম্পন্ন কৰা হৈছে৷ এইবাৰ সম্পন্ন হ’ল স্পীড ট্রায়েল৷ এতিয়া মাথোঁ অপেক্ষা কেতিয়ালৈ সেই অত্যাধুনিক ট্রেইনখন সাধাৰণ জনতাৰ সেৱাৰ বাবে প্রৱর্তন কৰা হ’ব৷

বিশেষজ্ঞসকলৰ মতে, দেশত পর্যটন উদ্যোগক নতুন মাত্রা প্রদান কৰিব এই হাইড্র’জেন ট্রেইনে৷ ইতিপূর্বে এই দাবী কৰিছিল কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱেও৷ ৰাজ্যসভাত তেওঁ জনাইছিল যে ‘হাইড্র’জেন ফৰ হেৰিটেজ’ৰ উদ্যোগত সমগ্র দেশতে সকলো মিলি ৩৫খন হাইড্র’জেন ট্রেইন চলোৱা হ’ব৷ পাইলট প্রজেক্টত আপাততঃ হাৰিয়ানাৰ ঝিন্দৰ পৰা শোনিপট পর্যন্ত চলিব এই ট্রেইন৷ পিছলৈ বিভিন্ন পথত হাইড্র’জেন ট্রেইন চলোৱাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’ল বিভাগে৷

You might also like