নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত যুদ্ধ বন্ধ কৰিবলৈ সন্মত ইৰান-আমেৰিকা

ডিজিটেল ডেস্ক, ৩০ জুন : একেৰাহে চাৰি দিনৰ আক্রমণ–প্রত্যাক্রমণৰ পিছত অৱশেষত যুদ্ধ বন্ধ কৰিবলৈ সন্মত হৈছে ইৰান আৰু আমেৰিকাৰ বাহিনী৷ মার্কিন বিষয়াৰ উদ্ধৃতিৰে এই কথা জনাইছে দুয়ো দেশৰ সংবাদ মাধ্যমে৷

মঙলবাৰে কাটাৰত দুয়োখন দেশৰ প্রতিনিধিবর্গৰ মাজত পুনৰ আলোচনা অনুষ্ঠিত হ’ব৷ স্বাক্ষৰিত বুজাবুজি চুক্তিৰ চর্ত অনুসৰি হৰমুজ প্রণালীৰে আপাততঃ বাধাহীনভাৱে জাহাজ চলাচল কৰিব পাৰিব বুলি জনাইছে মার্কিন বিষয়াসকলে৷ যোৱা বৃহস্পতিবাৰে হৰমুজৰ ওচৰৰ ওমান উপকূলত ছিংগাপুৰৰ পতাকাবাহী এখন জাহাজ আক্রান্ত হয়৷ আমেৰিকাই দাবী কৰে যে ইৰানেই জাহাজখনত আক্রমণ চলাইছে৷ এই অভিযোগ অস্বীকাৰ কৰি ইৰানেও এই আক্রমণৰ দায় ওলোটাই মার্কিন বাহিনীৰ ওপৰত জাপি দিয়ে৷ আমেৰিকাই তাৰ প্রত্যুত্তৰত ইৰানৰ কেইবাটাও ঘাটিক লক্ষ্য কৰি বোমাবর্ষণ কৰে৷ তাৰ প্রত্যুত্তৰত পশ্চিম এছিয়াত মার্কিন ঘাটিসমূহলৈ লক্ষ্য কৰি আক্রমণ চলায় তেহৰানেও৷ কুৱেইট আৰু বাহৰেইনত তেওঁলোকে বোমাবর্ষণ কৰে৷ এই সংঘর্ষ চলে শনিবাৰপর্যন্ত৷

হৰমুজত পানামাৰ পতাকাবাহী এখন তেলৰ টেংকাৰতো আক্রমণ হয় এই সময়ছোৱাত৷ এই আক্রমণ–প্রত্যাক্রমণৰ মাজতে দুয়োপক্ষই যুদ্ধ ৰোধ কৰিবলৈ সন্মত হৈছে বুলি দাবী কৰে ৱাশ্বিংটনে৷ মার্কিন বিষয়াৰ ভাষাত– ‘বুজাবুজিৰ চুক্তি অনুসৰি প্রযুক্তিগত আলোচনা চলিছে৷ আপাততঃ দুয়োপক্ষই সংঘর্ষৰ পৰা আঁতৰি আহিব আৰু জাহাজসমূহে বিনা বাধাই যাতায়াত কৰিব পাৰিব৷’ আমেৰিকা–ইৰানৰ মাজত শান্তি স্থাপনৰ ক্ষেত্রত পাকিস্তানৰ সৈতে অন্যতম মধ্যস্থতাকাৰীৰ ভূমিকা লৈছে কাটাৰে৷ মঙলবাৰে তাতেই দুয়োখন দেশৰ প্রতিনিধিসকলে আলোচনাত বহিব৷ কাৰিকৰী স্তৰত যুদ্ধবিৰতি চুক্তিৰ বাস্তৱায়ন সম্পর্কত আলোচনা হ’ব৷ যুদ্ধবিৰতিৰ অন্যতম চর্ত হিচাপে ইজৰাইলৰ আগ্রাসন বন্ধৰ দাবী জনাইছিল ইৰানে৷ কিন্তু ইজৰাইলে তাক উলংঘা কৰা বিষয়টোেৱও এই আলোচনাত ঠাই পাব৷

You might also like