পুনেৰ বহুচৰ্চিত কেতন আগৰৱাল হত্যাকাণ্ডত এটাৰ পিছত এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ দাবী অনুসৰি, অভিযুক্ত ছিয়া গোৱেলে বিয়াৰ বজাৰ কৰাৰ নামত বাগ্দত্তা কেতন আগৰৱালৰ পৰা প্ৰায় ১ কোটি টকা লৈ সেই ধন নিজৰ প্ৰেমিক চেতন চৌধুৰীক দিছিল।
আৰক্ষীৰ তথ্য অনুসৰি, চেতন চৌধুৰীৰ কেৰিয়াৰ গঢ়ি তোলাৰ বাবে এই ধন ব্যৱহাৰ কৰা হৈছিল।
১৮ জুনত পুনেৰ লোহাগড় দুৰ্গত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড। অভিযোগ অনুসৰি, চেতন চৌধুৰীয়ে কেতন আগৰৱালক পাহাৰৰ ওপৰৰ পৰা ঠেলি পেলাই হত্যা কৰে। ঘটনাস্থলীত উপস্থিত আছিল ছিয়া গোৱেল, যদিও তেওঁ হত্যাকাণ্ড প্ৰতিৰোধৰ কোনো চেষ্টা নকৰা বুলি আৰক্ষীয়ে অভিযোগ কৰিছে।
ঘটনাৰ পিছত ছিয়া গোৱেলে ইয়াক দুৰ্ঘটনাজনিত মৃত্যু বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ বৰ্ণনাত একাধিক অসংগতি ধৰা পৰাত আৰক্ষীয়ে ঘটনাটোৰ গভীৰ তদন্ত আৰম্ভ কৰে।
তদন্তত হত্যাকাণ্ডৰ সম্ভাৱনা শক্তিশালী হোৱাৰ পিছত ছিয়া গোৱেল আৰু চেতন চৌধুৰীক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীৰ হাতত লাভ কৰা কল ৰেকৰ্ডে দেখুৱাইছে যে হত্যাকাণ্ডৰ কিছু সময় পূৰ্বে ছিয়া আৰু চেতন প্ৰায় ৩৪ মিনিট ফোনযোগে কথা পাতিছিল। এই তথ্যই দুয়োৰে মাজত পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰ থকাৰ সন্দেহ অধিক শক্তিশালী কৰিছে।
তদন্তত প্ৰকাশ পোৱা মতে, অক্টোবৰ ২০২৫ৰ পৰাই ছিয়া গোৱেল আৰু চেতন চৌধুৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল।
ইয়াৰ পিছতো ফেব্ৰুৱাৰী ২০২৬ত ছিয়াই কেতন আগৰৱালৰ সৈতে বাগ্দান সম্পন্ন কৰে। দুয়োৰে নৱেম্বৰ ২০২৬ত আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠিত হোৱাৰ কথা আছিল।
আৰক্ষীয়ে সমগ্ৰ ঘটনাটো পূৰ্বপৰিকল্পিত হত্যাকাণ্ড হিচাপে তদন্ত অব্যাহত ৰাখিছে। ধনৰ লেনদেন, ফোনকলৰ তথ্য আৰু অন্যান্য ডিজিটেল প্ৰমাণৰ আধাৰত তদন্ত আগবঢ়োৱা হৈছে।
ডিজিটেল ডেস্ক, ২৯ জুন