ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে সফলভাৱে ‘নেচনেল এক্ৰেডিটেচন ব’ৰ্ড ফৰ হাস্পতালছ এণ্ড হেল্থকেয়াৰ প্ৰভাইডাৰ্ছ’ (NABH)-ৰ স্বীকৃতি লাভ কৰি এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে।
অসম চৰকাৰ স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংহালে সামাজিক মাধ্যমযোগে এয়া সদৰী কৰিছে। নিজৰ বাৰ্তাত মন্ত্ৰীগৰাকীয়ে এই স্বীকৃতিয়ে ধুবুৰী তথা সমগ্ৰ নামনি অসমৰ স্বাস্থ্যখণ্ডলৈ এক নতুন মাইলৰ খুঁটি স্থাপন কৰা বুলি মন্তব্য কৰিছে। উক্ত বাৰ্তাত এই কৃতিত্ব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব, ধুবুৰী-কোকৰাঝাৰ অঞ্চলৰ স্বাস্থ্য পৰিকাঠামোৰ উন্নয়ন আৰু চিকিৎসা সেৱা প্ৰদানত নিয়োজিত চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীসকলৰ নিষ্ঠা আৰু দায়বদ্ধতাৰ ফল বুলিও উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰেডিঅ’গ্ৰাফী, আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেন বিভাগসমূহে বিশেষভাৱে এই স্বীকৃতি লাভ কৰিছে। NABHৰ স্বীকৃতি লাভৰ জৰিয়তে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ৰোগীসকলক অধিক গুণগত, নিৰাপদ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ পথ সুগম হ’ব বুলি আশা কৰা হৈছে। ধুবুৰী মেডিকেল কলেজৰ এই সাফল্যই ধুবুৰী জিলাৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নতুন দিগন্ত উন্মোচন কৰাৰ লগতে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণৰ মাজত আশাৰ সঞ্চাৰ কৰিছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৩০ জুন :