নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত আৰক্ষীৰ অভিযানত সাতটাকৈ চোৰাং গৰুসহ দুজনক আটক

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩০ জুন : কামৰূপৰ বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত আৰক্ষীয়ে পিজুপাৰা অঞ্চলত অবৈধভাৱে গৰু সৰবৰাহ কৰা এটা চক্ৰৰ বিৰুদ্ধে এক আকস্মিক অভিযান চলায় | বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ এক নিৰ্দেশৰ ভিত্তিত নগৰবেৰা আৰক্ষীয়ে আকস্মিক অভিযান চলাই ৭টাকৈ চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে ইয়াৰ লগত জড়িত দুজন লোকক আটক কৰে ৷

আৰক্ষী সূত্ৰে জনোৱা মতে, মঙলবাৰে বিয়লি প্ৰায় ৩.১০ বজাত নগৰবেৰা থানাৰ অন্তৰ্গত পিজুপাৰা অঞ্চলত নিয়মীয়া নাকা তালাচী চলাই থকাৰ সময়ত এ এছ-০১ এন চি-৮৯২৩ নম্বৰৰ এখন বাহনলৈ সন্দেহ হোৱাত আৰক্ষীয়ে বাহনখন ৰখাই তলাচী চলায়। বাহনখনত সৰু-ডাঙৰ মুঠ ৭টা গৰু সৰবৰাহ কৰা প্ৰত্যক্ষ কৰাৰ লগতে গৰুসমূহক ৰছীৰে টানকৈ বান্ধি ৰখাৰ ফলত গোধনৰ অযথা কষ্ট আৰু যন্ত্ৰণা হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

উল্লেখ্য যে বৈধ নথি-পত্ৰবিহীন সম্পূৰ্ণ বে-আইনীভাৱে গৰুকেইটা বাহনত নি থকা হৈছিল | এই কাৰ্যই গো-আইন, ১৯৬০ আৰু পশু পৰিবহণ বিধিৰ একাধিক ধাৰা উলংঘন কৰাৰ অভিযোগত বাহনখনত থকা নাইটৰ গাঁৱৰ আহিদুৰ আলী আৰু ভখুৰাদিয়া গাঁৱৰ জমেৰ আলী নামৰ লোক দুজনক আটক কৰি থানালৈ নিয়ে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে বুলি বকো-ছয়গাওঁ সমজিলা আৰক্ষী অধিক্ষক জানকিশোৰ গগৈয়ে জানিবলৈ দিয়ে।

You might also like