ডিজিটেল ডেস্ক, নলবাৰী, ৩০ জুন : ৰাজ্যৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ জিলা নলবাৰীত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ চলিল ধাৰাবাহিক অভিযান। ৰাজ্যৰ কোনো ঠাইতেই অবৈধ কাঠ মিল থাকিব নোৱাৰিব বুলি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পিছত বন বিভাগ তৎপৰ হৈ পৰিছে।
মন্ত্ৰীগৰাকীৰ এনে নিৰ্দেশনাৰ পিছতেই আজি জিলাখনৰ বৰক্ষেত্ৰী অঞ্চলত চলিল বন বিভাগৰ বৃহৎ অভিযান। আজি দিনৰ ভাগত ৰঙিয়াত থকা উত্তৰ কামৰূপ বন সংমণ্ডল আৰু নলবাৰীৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিভাগৰ এটা যুটীয়া অভিযানকাৰী দলে মুকালমুৱা, আদাবাৰী, লোহাৰকাঠা আদি অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰাৰ লগতে কেইবা কেবিও মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে। আজিৰ অভিযানৰ নেতৃত্ব দিছিল ৰঙিয়া সংমণ্ডলৰ শান্তনু পাটোৱাৰী আৰু নলবাৰীৰ বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰ দীনেশ দাসে।