মানুহৰ জীৱন আৰু স্বাস্থ্যক লৈ দীৰ্ঘদিন ধৰি হেতালি খেলি অহা এক মাৰাত্মক ক’লা সাম্ৰাজ্যৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ৩নং দক্ষিণ ৰাঙাপানী গাঁৱত কোনোধৰণৰ চৰকাৰী অনুজ্ঞা-পত্ৰ অবিহনে সম্পূৰ্ণ অবৈধভাৱে বিভিন্ন জটিল ৰোগৰ ভুৱা ঔষধ প্ৰস্তুত কৰা কাৰখানা প্ৰশাসনে ছীল কৰাৰ লগতে দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।
কামৰূপ জিলাৰ ড্ৰাগছ পৰিদৰ্শক আৰু আৰক্ষীৰ এটা বিশাল দলে যুটীয়াভাৱে ভুৱা ঔষধ প্ৰস্তুত কৰা কাৰখানাৰ বিৰুদ্ধে এক অভিযান চলায়। ৩নং দক্ষিণ ৰাঙাপানী অঞ্চলৰ এটা গুদামসদৃশ ঘৰত অতি গোপনে মানুহৰ স্বাস্থ্যৰ বাবে মাৰাত্মক-ক্ষতিকাৰক ভুৱা ঔষধ প্ৰস্তুত কৰি সমগ্ৰ অসমতে সৰবৰাহ কৰি থকাৰ এক খবৰ প্ৰশাসনৰ হাতলৈ আহিছিল। এই গোপন খবৰৰ ভিত্তিত বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষক জান কিশোৰ গগৈৰ নেতৃত্বত এক বৃহৎ দলে অভিযান চলায়। এই অভিযানত কামৰূপ জিলাৰ ড্ৰাগছ ইন্সপেক্টৰৰ লগতে সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হীৰকজ্যোতি মুদৈ, ছমৰীয়া পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল দাস আৰু মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিৰ্ময় দাস উপস্থিত থাকে। আৰক্ষীৰ বিশাল বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি চলোৱা এই অতৰ্কিত অভিযানে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।
এই সমগ্ৰ অবৈধ ঔষধৰ ক’লা বেহাৰ মূল মাষ্টাৰমাইণ্ড তথা স্বত্বাধিকাৰী হৈছে জাহিদুল হক তালুকদাৰ। জাহিদুলে কোনোধৰণৰ বৈধ অনুজ্ঞা-পত্ৰ নোহোৱাকৈ কেৱল নিজৰ অতিৰিক্ত মুনাফাৰ বাবে বিষাক্ত ৰাসায়নিক দ্ৰব্য মিশ্ৰণ কৰি ভুৱা এলোপেথিক আৰু আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰি বজাৰত মেলি দিছিল। এই চোৰাং ব্যৱসায়ৰ জৰিয়তে অতি কম দিনৰ ভিতৰতে জাহিদুল হক তালুকদাৰে কোটি কোটি টকা উপাৰ্জন কৰি অঞ্চলটোত ‘সম্পত্তিৰ পাহাৰ’ গঢ়ি তুলিবলৈ সক্ষম হৈছিল বুলি অভিযোগ উত্থাপন হৈছিল।
আজিলৈকে আইনৰ চকুৰ পৰা সাৰি থকা এই চক্ৰটোৰ বিৰুদ্ধে চলা এই অভিযানত আৰক্ষীয়ে অৱশেষত এক ডাঙৰ সফলতা অৰ্জন কৰে। অভিযানকাৰী দলে কাৰখানাটোৰ ভিতৰৰ পৰা মূল অভিযুক্ত জাহিদুল হক তালুকদাৰৰ লগতে তেওঁৰ সোঁহাতস্বৰূপ তথা এই ক’লা কাৰবাৰৰ অন্যতম সহযোগী মকিবুৰ ৰহমান তালুকদাৰক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। প্ৰশাসনৰ দলটোৱে ভুৱা ঔষধ প্ৰস্তুত কৰা কাৰখানাটো ছীল কৰাৰ লগতে তাত থকা বুজন পৰিমাণৰ কেঁচা সামগ্ৰী, বিভিন্ন নামী-দামী সামগ্ৰী ,মেচিন আৰু লাখ লাখ টকাৰ তৈয়াৰী ঔষধ জব্দ কৰে।
ধৃত জাহিদুল হক তালুকদাৰ আৰু মকিবুৰ ৰহমান তালুকদাৰক আৰক্ষীয়ে জিম্মাত লৈ এই চক্ৰটোৰ সৈতে ৰাজ্যৰ আৰু কোন কোন ঔষধ মাফিয়া জড়িত আছে, সেই সন্দৰ্ভত তীব্ৰ সোধা-পোছা অব্যাহত ৰাখে। মানুহৰ জীৱন ৰক্ষা কৰা ঔষধৰ নামত বিহ বিয়পোৱা এই কুখ্যাত চক্ৰটোৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া হ’ব লক্ষণীয়।
নিয়মীয়া বাৰ্তা, সোণতলী, ৩০ জুন :