ডিজিটেল ডেস্ক, ২ জুলাই : কাছাৰৰ ধলাইৰ পানিভৰা পুৰুৰথল পুঞ্জীত সংঘটিত হয় এক ভয়ংকৰ আৰু চাঞ্চল্যকৰ ঘটনা। ৪ বছৰীয়া এটি কন্যা শিশুৰে অপকৰ্ম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে প্ৰদীপ কালিন্দী নামৰ এক লম্পট যুৱকক।
অভিযোগ মতে, ৪ বছৰীয়া কন্যা শিশুটিক ঘৰত অকলে থৈ মাতৃয়ে কাষতে থকা জংঘলত খৰি আনিবলৈ গৈছিল ৷ সেই সুযোগ গ্ৰহণ কৰি ঘৰত প্ৰৱেশ কৰি কন্যা শিশুটিৰে অপকৰ্ম কৰে প্ৰদীপ কালিন্দী নামৰ লম্পট যুৱকজনে৷ ঘটনা সংঘটিত কৰি পলায়ন কৰে অভিযুক্ত যুৱকজনে। ঘটনাৰ পাছত ঘৰত উপস্থিত হৈ নিজ কন্যাক ৰক্তাক্ত অৱস্থাত দেখি চিঞৰ-বাখৰ আৰম্ভ কৰে মাতৃয়ে। জঘন্য এই ঘটনাৰ খবৰ অঞ্চলজুৰি বিয়পি পৰাৰ লগতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাৰ পাছত শিশুটিক গুৰুতৰ অবস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ঘটনা সন্দৰ্ভত নিৰ্যাতিতা শিশু কন্যাৰ মাতৃয়ে ধলাই আৰক্ষী চকীত ৰুজু কৰে এক গোচৰ।
ইপিনে, বুধবাৰে অভিযুক্ত লম্পট যুৱকজনক কাছাৰৰ ৰুকনি বাংলা টিল্লাৰ জংঘলৰ পৰা স্থানীয় ৰাইজসহ সংগঠনৰ লোকসকলে আটক কৰি লপাথপা দি ধলাই আৰক্ষীৰ হাতত গতাই দিয়ে ৰাইজে। এই সমগ্ৰ ঘটনাক লৈ ধলাইসহ কাছাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অভিযুক্ত শিশু নিৰ্যাতনকাৰী লম্পট যুৱক প্ৰদীপ কালিন্দীৰ ফাঁচীৰ দাবী জনাইছে শিশুটিৰ পৰিয়ালসহ স্থানীয় ৰাইজ আৰু দল-সংগঠনে।