ডিজিটেল ডেস্ক, আগমনি, ২ জুলাই : ধুবুৰী জিলাৰ বালাজান আৰক্ষী চকীৰ অন্তৰ্গত ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথত নিশা আৰক্ষীয়ে অভিযান চলায়। অভিযান কালত তামাৰহাটৰ পৰা ধুবুৰী অভিমুখে আহি থকা তীব্ৰবেগী এ এছ-১৬ এইচ-৮২৬৪ নম্বৰৰ বাহনখন ৰখাবলৈ নিৰ্দেশ দিয়ে।
নিৰ্দেশ নমনাত আৰক্ষীৰ সন্দেহ ওপজে আৰু আৰক্ষীয়ে বাহনখন খেদি যায়। তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ঢেপঢেপীৰ এখন দোকানত খুন্দা মাৰে আৰু চালকজনে পলাই যাবলৈ সক্ষম হয়। ঘটনাস্থলীত বালাজান, গোলকগঞ্জ আৰু শৈলমাৰি আৰক্ষী উপস্থিত হৈ যৌথভাৱে বাহনখনত তালাচী চলায়। আৰক্ষীৰ তালাচীত বাহনখনৰ পৰা ৬টাকৈ চোৰাং গৰু উদ্ধাৰ হয়।