নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্মৰ সন্ধানত বহি:ৰাজ্যলৈ গৈ নিৰুদ্দেশ তামুলপুৰৰ যুৱতী

  • কৰ্মৰ সন্ধানত বহি:ৰাজ্যলৈ গৈ নিৰুদ্দেশ তামুলপুৰৰ যুৱতী
  • কৰ্ণাটকৰ বেংগালুৰুৰ এটা কোম্পানীত কৰ্মৰত তামুলপুৰৰ ভূটান সীমান্তৰ হৰিণচ’ৰাৰ  চুমী দাস (২১) নামৰ যুৱতী এগৰাকী বিগত এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে ৷
  • অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকীয়ে পৰিয়াল পোহপাল দিয়াৰ বাবে বিগত ৬ মাহ ধৰি বেংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ আছিল ৷
  • আন তিনিগৰাকী যুৱতীৰ সৈতে একেলগে ভাৰাঘৰত থকা যুৱতীগৰাকীৰ নিৰুদ্দেশ হোৱাৰ খবৰ আন যুৱতীকেইগৰাকীয়ে অৱগত কৰিছে পৰিয়ালক।
  • বিগত এসপ্তাহ ধৰি পৰিয়ালৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ থকা নিজ কন্যাৰ নিৰুদ্দেশত কান্দোনত ভাগি পৰিছে দৰিদ্ৰ পৰিয়ালটোৰ পিতৃমাতৃ।
  • ঘটনা সন্দৰ্ভত ইতিমধ্যে স্থানীয় কুমাৰীকাটা আৰক্ষী চকীত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ।
  • যুৱতীগৰাকী নিৰুদ্দিষ্ট হৈ কোনো দুষ্টচক্ৰৰ হাতত পৰাৰ সন্দেহত হাহাকাৰ লাগিছে পৰিয়াল তথা আত্মীয়ৰ মাজত ৷

ডিজিটেল ডেস্ক, ২ জুলাই

You might also like