ডিজিটেল ডেস্ক, ২ জুলাই : ধুবুৰীৰ তামাৰহাটত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মটৰচাইকেলৰ খুন্দাত এজন নিহত হোৱাৰ লগতে দুজন আহত হয়। তামাৰহাটৰ ১২৭(বি)ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
তীব্ৰবেগী বাইকে মহটিয়াই নিয়ে এজন পথচাৰীক। গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহীসহ পথচাৰীজন। তিনিওকে ততাতৈয়াকৈ তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয়। পিছত তিনিওকে সংকটজনক অৱস্থাত নিশা ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে গুৰুতৰভাৱে আহত পথচাৰী সৰ্পামাৰী গাঁৱৰ হুৰকা ৰায়ৰ চিকিৎসালয় পোৱাৰ পূৰ্বে মৃত্যু ঘটে ।
দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ হৈছে AS-16L-5328। মটৰচাইকেলত থকা আৰোহী দুগৰাকী স্বামী-স্ত্ৰী। বৰ্তমান দুয়োৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।