নলবাৰীৰ গংগাপুৰত সংঘটিত নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা ডেকাৰ অৱশেষত মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা মৃদুমুদ্ৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (GMCH)-ত শেষ নিশ্বাস ত্যাগ কৰে।
GMCH কৰ্তৃপক্ষই জনোৱা অনুসৰি, আজি পুৱা প্ৰায় ৭:৩০ বজাত মৃদুমুদ্ৰা ডেকাৰ মৃত্যু হয়।
উল্লেখ্য যে, ৩১ মে’ত নলবাৰীৰ গংগাপুৰত সংঘটিত এক চাঞ্চল্যকৰ আক্ৰমণত ৰোজ আলীয়ে মৃদুমুদ্ৰা ডেকাক প্ৰাণঘাতী আক্ৰমণ চলাইছিল। এই ঘটনাত মাধুৰ্য্য বৰ্মনৰ (মৃদুমুদ্ৰা সম্পৰ্কীয় ককায়েক) ঘটনাস্থলীতে নিহত হৈছিল আৰু মৃদুমুদ্ৰা গুৰুতৰভাৱে আহত হৈছিল।
ঘটনাৰ পিছত আৰক্ষীৰ অভিযানত অভিযুক্ত ৰোজ আলী আৰক্ষীৰ গুলীত নিহত হৈছিল।
মৃদুমুদ্ৰা ডেকাৰ মৃত্যুৰ খবৰে সমগ্ৰ নলবাৰী জিলাত শোকৰ ছাঁ পেলাইছে। এই ঘটনাক লৈ অঞ্চলজুৰি গভীৰ শোকৰ পৰিৱেশ বিৰাজ কৰিছে।
ডিজিটেল ডেস্ক, ৩ জুলাই