বৰপেটাৰ বৃহত্তৰ আলোপতি, বাঘমাৰাচৰ আদি আঞ্চলত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাৰ অভিযোগ উত্থাপন হৈ আহিছে | শেহতীয়াকৈ বনমন্ত্ৰীৰ কাঢ়া নিৰ্দেশৰ পাছতেই গা লৰিল বন বিভাগৰ|
চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চৰাঞ্চলত বৃহস্পতিবাৰে বন বিভাগৰ এক অতৰ্কিত অভিযান চলে। গোৱালপাৰা আৰু বৰপেটা জিলা বন বিভাগৰ যুটীয়া অভিযানত দীৰ্ঘদিনৰে পৰা বাঘমাৰাচৰ, আলোপতিচৰ আৰু কালাইৰদিয়াত অবৈধভাৱে চলি থকা ১০টাকৈ কাঠ মিল উৎখাত কৰাৰ লগতে জব্দ কৰা হয় কেইবালক্ষ টকাৰ চোৰাং কাঠ |
বৰপেটাৰোড বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বন বিষয়া ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত বন বিভাগৰ এটি বৃহৎ দলে চলায় এই অভিযান |
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩ জুলাই :