ডিজিটেল ডেস্ক, ৪ জুলাই : বাৰিষাৰ আৰম্ভণিতে বিলাসীপাৰাত খোৰস্ৰোতা গৌৰাং নৈয়ে গৰাখহনীয়াৰে সৃষ্টি কৰিছে তাণ্ডৱ। ইতিমধ্যে বহুতৰে ঘৰ-বাৰী উছন কৰাৰ লগতে খহাই নিছে শতাধিক বিঘা কৃষিভূমি।
বিশেষকৈ কাজাইকাটা দ্বিতীয় খণ্ড গাঁৱত এইবাৰ গৌৰাং নৈয়ে কালৰূপ ধাৰণ কৰিছে। গাঁওখনৰ হানিফ আলী, নুৰ মহম্মদ আলী, সহিদ আলী, আলী আকবৰৰ লগতে ৫০টা পৰিয়ালৰ বাসগৃহ ইতিমধ্যে নৈৰ বকুত জাহ গৈছে। তেনেদৰে মৰাপাট, ধান-পাচলিৰ শতাধিক বিঘা কৃষিভূমি গৰাখহনীয়াৰ কবলত পৰি উছন হৈছে। যিকেইজনৰ বাসগৃহ খহনীয়াৰ কবলত পৰা নাই, তেওঁলোকে নিতৌ বিনিদ্ৰ ৰজনী কটাবলগীয়াত পৰিছে। ইমানৰ পিছতো সাংসদ ৰকিবুল হুছেইন, বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে নৈপৰীয়া ৰাইজৰ খবৰ এটা লোৱাৰ আহৰি পোৱা নাই।অঞ্চলটোৰ গৰাখহনীয়া সমস্যা সমাধান কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি ফুটকাৰ ফেন হৈ পৰিল বুলি অভিযোগ কৰি ক্ষুব্ধ হৈ পৰিছে।
ভুক্তভোগীৰ অভিযোগ- সমস্যা সমাধানৰ বাবে ৰকিবুল হুছেইনক দহ লাখ ভোটৰ ব্যৱধানত বিজয়ী কৰাই দিল্লীলৈ প্ৰেৰণ কৰিছোঁ। আমাৰ সমস্যা সমাধান কৰা দূৰৈৰ কথা, খবৰ এটা ল’বলৈও সময় নাই আমাৰ সাংসদৰ। অৱশ্যে পঞ্চায়তখনৰ সভানেত্ৰীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে উক্ত অঞ্চল পৰিদৰ্শন কৰে। ধুবুৰী জিলা আয়ুক্ত, বিভাগীয় বিষয়াক গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে সভানেত্ৰীগৰাকীয়ে অনুৰোধ জনায়।