ডিজিটেল ডেস্ক, ৪ জুলাই : অসম চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই শুকুৰবাৰে বিহালীৰ বৰগাংস্থিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ আৰু বিশ্বনাথৰ বিশ্বনাথ চাৰিআলিস্থিত কমলাকান্ত নাট্য সমাজত জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কৰ আনুষ্ঠানিক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ পৰাই মন্ত্ৰী হাজৰিকাই ইউৰিয়া সাৰৰ লগতে অন্য সাৰ ক্ৰয় কৰিবলৈ বাধ্য কৰোৱা ব্যৱসায়ীলৈ চৰম সকীয়নি দিয়ে ৷
তেওঁ কয়- কৃষকসকলক কিছু সাৰ বিক্ৰেতাই ইউৰিয়াৰ সৈতে আন তিনি-চাৰিবিধ সাৰ বাধ্যতামূলকভাৱে ক্ৰয় কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তেওঁৰ দৃষ্টিগোচৰ হৈছে। তেওঁ এই কাৰ্যক কৃষকৰ প্ৰতি অন্যায়, অনৈতিক আৰু সম্পূৰ্ণ অগ্ৰহণযোগ্য বুলি অভিহিত কৰে। কৃষকক প্ৰয়োজন নোহোৱা সাৰ ক্ৰয় কৰিবলৈ কোনো ব্যৱসায়ীয়ে বাধ্য কৰিব নোৱাৰে ৷ এনে কাৰ্যত লিপ্ত ব্যৱসায়ীসকলে এই কাম বন্ধ নকৰিলে জে’ললৈ যাব লাগিব বুলি কঠোৰ সকীয়নি দিয়ে ৷
লগতে মন্ত্ৰীগৰাকীয়ে কৃষকসকলক উদ্দেশ্যি কয় যে কৃষকসকলে নেন’ ইিউৰিয়া সাৰ ব্যৱহাৰ কৰক ৷ ৰাজ্য চৰকাৰে নেন’ ইউৰিয়া সাৰ বহুল প্ৰচাৰৰ বাবে চেষ্ট অব্যাহত ৰাখিছে ৷ নেন’ ইউৰিয়াৰ ব্যৱহাৰ যাতে কৃষকসকলে বেছিকৈ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্তব্য কৰে কৃষিমন্ত্ৰী গৰাকীয়ে ৷
লগতে মন্ত্ৰী হাজৰিকাই কয় যে অসমৰ কৃষি ব্যৱস্থা আৰু কৃষি অৰ্থনীতিৰ এক অবিচ্ছেদ্য অংশ হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। তেওঁলোকৰ সৰ্বাংগীণ উন্নয়ন আৰু কল্যাণৰ বাবে চৰকাৰে সদায় অগ্ৰাধিকাৰ ভিত্তিত কাম কৰি আহিছে। কৃষকসকলৰ উন্নয়নৰ জৰিয়তেই ৰাজ্যৰ কৃষিখণ্ড অধিক শক্তিশালী হ’ব বুলিও তেওঁ উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ মৰ্মে ভাৰত চৰকাৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষক পঞ্জীয়নৰ অন্তৰ্ভুক্ত কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ সকলো যোগ্য ক্ষুদ্ৰ চাহ খেতিয়কক শীঘ্ৰে কৃষক পঞ্জীয়নৰ অধীনত নামভৰ্তি কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
বিহালীৰ এই কাৰ্যসূচীত সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক মুনীন্দ্ৰ দাস উপস্থিত থকাৰ বিপৰীতে বিশ্বনাথৰ কাৰ্যসূচীত বিধায়ক পল্লৱ লোচন দাস উপস্থিত থাকে। দুয়োটা অনুষ্ঠানতে কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ, ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনৰ প্ৰতিনিধি আৰু বহুসংখ্যক কৃষক উপস্থিত থাকে।