সিন্ধু জলবণ্টন চুক্তি স্থগিত হৈয়েই থাকিব : ভাৰত
ডিজিটেল ডেস্ক, ৫ জুলাই : সিন্ধু জলবণ্টন চুক্তিক লৈ শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে উচ্চ–বাচ্য কৰি আছিল পাকিস্তানে৷ তাৰেই উত্তৰ দিলে নতুন দিল্লীয়ে৷ জনাই দিলে সিন্ধু জলবণ্টন চুক্তিক লৈ নিজৰ স্থিতি সলনি নকৰে ভাৰতে৷ অর্থাৎ সিন্ধু জলবণ্টন চুক্তি স্থগিত হৈয়েই থাকিব৷
ভাৰতৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে জনায় যে অপৰিৱর্তিত হৈয়েই থাকিব সিন্ধু জলবণ্টন চুক্তি সন্দর্ভত ভাৰতৰ স্থিতি৷ তেওঁ কয়, ‘পাকিস্তানে আন্তঃসীমান্ত সন্ত্রাসবাদ বন্ধ কৰিবই লাগিব৷’ পেহেলগাম আক্রমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি সন্দর্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিছিল ভাৰতে৷ বিভিন্ন আন্তঃৰাষ্ট্রীয় মঞ্চত পাকিস্তানক বুজাই দিয়া হৈছে যে তেজ আৰু পানী কেতিয়াও একেলগে ব’ব নোৱাৰে৷
১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জলবণ্টন চুক্তি স্বাক্ষৰিত হৈছিল৷ এই চুক্তি ভাৰতে স্থগিত কৰাৰ পিছৰে পৰাই একাধিক অভিযোগ তুলি আহিছে পাকিস্তানে৷ আন্তঃৰাষ্ট্রীয় মঞ্চতো ভাৰতৰ বিৰুদ্ধে কুৎসা ৰটনা কৰিছে, কিন্তু লাভ হোৱা নাই৷ ১৯৬০ চনত স্বাক্ষৰিত এই চুক্তি অনুযায়ী সিন্ধু আৰু উপনৈসমূহৰ ভিতৰত পূবমুখী শতদ্রু, বিপাশা আৰু ইৰাৱতীৰ পানী ভাৰতৰ প্রাপ্য৷
আনহাতে, পশ্চিমমুখী সিন্ধু, চন্দ্রভাগা আৰু বিতস্তাৰ পানীত পাকিস্তানৰো অধিকাৰ আছে৷ কিন্তু পেহেলগাম আক্রমণৰ প্রতিবাদত পাকিস্তানৰ বিৰুদ্ধে পদক্ষেপ হিচাপে এই চুক্তি স্থগিত কৰি দিয়ে ভাৰতে৷
সম্প্রতি ভাৰতৰ জলশক্তি মন্ত্রী চি আৰ পাটিলে ইংগিত দিয়ে যে ২০২৮ চনৰ জুন মাহৰ ভিতৰত পাকিস্তানৰ ফালে সিন্ধুৰ জলপ্রৱাহ সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হ’ব৷ তাৰ পিছতে চলিত মাহত ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰাৰ হুংকাৰ দিয়ে পাক প্রতিৰক্ষা মন্ত্রী খোৱাজা আছিফে৷ কেৱল আছিফেই নহয়, পাকিস্তানৰ জলবায়ু পৰিৱর্তন মন্ত্রী মাছুদিক মালিকেও সিন্ধু জলবণ্টন চুক্তি বন্ধ কৰাক লৈ সাৱধানবাণী শুনাইছিল৷
তেওঁ কয়, ‘যিসকলে আমাৰ ভাগৰ পানী দাবী কৰিছে, তেওঁলোকৰ হাত কাটি দিয়া হ’ব৷’ তাৰ পিছতে সিন্ধুৰ জল আবদ্ধ কৰাৰ বাবে মোদীক দায়ী কৰি মালিকে কয়, ‘তেওঁ (মোদী) কৈছিল যে পাকিস্তানলৈ এক বিন্দুও পানী যাবলৈ দিয়া নহ’ব৷’ পাক মন্ত্রীৰ দাবী যে চুক্তিৰ চর্ত অনুসৰি পাকিস্তানে তেওঁলোকৰ পানীৰ ভাগ অক্ষুণ্ণ ৰাখিবলৈ দায়বদ্ধ৷ তাৰ পিছতে সিন্ধু জলবণ্টন চুক্তিক লৈ নিজৰ স্থিতি পুনৰ স্পষ্ট কৰিলে ভাৰতে৷