আজিৰে পৰা আৰম্ভ হৈছে ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশন। ৬ জুলাই, অৰ্থাত আজিৰ পৰা আৰম্ভ হোৱা এই অধিৱেশন ৩১ জুলাইলৈকে চলিব আৰু মুঠ ১৬ দিন বিধানসভাৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।
এই অধিৱেশনৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ৰাজ্যৰ উন্নয়ন, কল্যাণমূলক আঁচনি আৰু বিভিন্ন খণ্ডৰ বাবে বাজেটত কি কি ঘোষণা থাকে, সেয়ালৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।
এইবাৰ চৰকাৰে নতুন বিধেয়ক অনাৰ পৰিৱৰ্তে ১২খন সংশোধনী বিধেয়ক বিধানসভাত উত্থাপন কৰিব। ইয়াৰ ভিতৰত আছাম টুৰিজিম ডেভেলপমেণ্ট এক্ট–২০২৪ অন্যতম। এই আইনৰ জৰিয়তে হোটেল, ৰিজৰ্ট আৰু হোমষ্টেৰ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক সহজ আৰু সুসংগঠিত কৰাৰ লক্ষ্য লোৱা হৈছে।
ইয়াৰ উপৰি এই অধিবেশনতেই Assam SARI Act, 1867 খাৰিজ কৰাৰ প্ৰস্তাৱ উত্থাপন কৰা হ’ব। লগতে গুৱাহাটী মহানগৰ আৰু ইয়াৰ উপগ্ৰহীয় অঞ্চলসমূহৰ পৰিকল্পিত উন্নয়নৰ উদ্দেশ্যে গুৱাহাটী উপগ্ৰহীয় মহানগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়কও বিধানসভাত উত্থাপন কৰা হ’ব।
ইফালে, বাজেট অধিৱেশনক কেন্দ্ৰ কৰি শাসক-বিৰোধী দুয়োপক্ষই কৌশলগতভাৱে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বিভিন্ন জনস্বাৰ্থমূলক বিষয়, উন্নয়নমূলক প্ৰকল্প, বান পৰিস্থিতি, মূল্যবৃদ্ধি আৰু অন্যান্য ইছ্যুক লৈ অধিবেশনত তীব্ৰ বাদ-বিবাদ হোৱাৰ সম্ভাৱনা দেখা গৈছে।
ডিজিটেল ডেস্ক, ৬ জুলাই