ডিজিটেল ডেস্ক, ৭ জুলাই : ‘দৃষ্টি–১০ ষ্টাৰ লাইনাৰ’ ড্রোনক লৈ বিতর্কৰ এতিয়াও অন্ত পৰা নাই৷ তেনে সময়তে এইবাৰ ক্ষেপণাস্ত্র নির্মাণত বিপুল বিনিয়োগৰ কথা ঘোষণা কৰে উদ্যোগপতি গৌতম আদানিয়ে৷
মধ্যপ্রদেশৰ শিৱপুৰী জিলাত আঢ়ৈ হাজাৰ কোটি টকা বিনিয়োগেৰে দক্ষিণ এছিয়াৰ সর্ববৃহৎ বেচৰকাৰী ক্ষেপণাস্ত্র (মিছাইল) নির্মাণ কাৰখানা স্থাপনৰ বাবে দেওবাৰে আধাৰশিলা স্থাপন কৰে ‘আদানি ডিফেঞ্চ এণ্ড এৰ’স্পেচে’৷ শিৱপুৰীৰ এই ক্ষেপণাস্ত্র কাৰখানাত প্রায় ৫ হাজাৰ নতুন কর্মসংস্থাপনৰ সৃষ্টি হ’ব বুলি জনায় আদানি গোষ্ঠীয়ে৷
সংস্থাৰ তৰফৰ পৰা এটা বিবৃতিত কোৱা হৈছে যে ‘আত্মনির্ভৰ ভাৰত কার্যসূচী’ত প্রতিৰক্ষা উৎপাদন সম্প্রসাৰণৰ লক্ষ্যৰে এই গুৰুত্বপূর্ণ পদক্ষেপ লোৱা হৈছে৷ শিৱপুৰী কাৰখানাত মধ্যম আৰু দূৰ লক্ষ্যভেদী ক্ষেপণাস্ত্র ব্যৱস্থা নির্মাণ কৰা হ’ব৷ তাত কম্প’জিট প্রপেলেণ্ট উৎপাদনৰ (ৰকেট আৰু ক্ষেপণাস্ত্রৰ বাবে উন্নত কঠিন ইন্ধন) ব্যৱস্থাৰ লগতে টিএনটি আৰু অন্যান্য বিস্ফোৰক উৎপাদন পৰিকাঠামো থাকিব বুলিও জনোৱা হৈছে আদানি গোষ্ঠীৰ তৰফৰ পৰা৷
সংস্থাৰ কর্ণধাৰ জিৎ আদানিয়ে জনায় যে সমগ্র প্রকল্পটোৰ সৈতে জড়িত হৈ থাকিব ৫০টাৰো অধিক ক্ষুদ্র আৰু অতি ক্ষুদ্র উদ্যোগ প্রতিষ্ঠান৷ উল্লেখ্য যে ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান হিন্দুস্তান এৰ’ন’টিক্স লিমিটেড আৰু ভাৰত ডায়নামিক্সক বাদ দি ২০২৪ চনত ভাৰতীয় নৌসেনাৰ বাবে আদানি গোষ্ঠীৰ দ্বাৰা নির্মিত ‘দৃষ্টি–১০ ষ্টাৰ লাইনাৰ’ নিৰীক্ষণকাৰী ড্রোন কিনা হৈছিল৷ বিৰোধী পক্ষই সেই সময়ত অভিযোগ তুলিছিল যে ড্রোন নির্মাণৰ ক্ষেত্রত কোনো পূর্ব অভিজ্ঞতা নথকা ‘আদানি ডিফেঞ্চ এণ্ড এৰ’স্পেচ’ক নিয়ম ভাঙি বৰপীৰা পাৰি দিয়া হৈছে৷
ইজৰাইলৰ ‘এলবিট ছিষ্টেমছ’ৰ সৈতে যুটীয়াভাৱে নির্মিত ‘দৃষ্টি–১০ ষ্টাৰ লাইনাৰ’ ড্রোন যোৱা বছৰৰ জানুৱাৰীত গুজৰাটৰ পোৰবন্দৰত উৰণ অনুশীলনৰ সময়ত ভাগি পৰাক লৈ নতুন বিতর্কৰ সৃষ্টি হয়৷ ২০২৪ চনৰ ফেব্রুৱাৰী মাহত আদানি গোষ্ঠীয়ে মধ্যপ্রদেশৰ গোৱালিয়ৰত পাতলীয়া মেচিনগান (এলএমজি), স্বয়ংক্রিয় ৰাইফল (এছএলআৰ) আৰু টার্বাইনৰ দৰে আগ্ণেয়াস্ত্র নির্মাণৰ এটা কাৰখানা আৰম্ভ কৰিছে৷
সূত্রৰ খবৰ মতে শিৱপুৰীৰ কাৰখানাত ‘ভাৰতীয় প্রতিৰক্ষা গৱেষণা সংস্থা’ (ডিফেঞ্চ ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচন বা চমুকৈ ডিআৰডিঅ’)ৰ সৈতে যুটীয়া উদ্যোগত পৰৱর্তী প্রজন্মৰ ‘ইউএভি–লঞ্চড প্রিছিচন গাইডেড মিছাইল’ (ইউএলপিজিএম) নির্মাণ কৰিব তেওঁলোকে৷