নৱপ্ৰজন্মক ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সোমবাৰৰ পৰা ধুবুৰীৰ লায়ন্স ক্লাব প্ৰাংগণত আৰম্ভ হৈছে চাৰিদিনীয়া কথক নৃত্যৰ এক কৰ্মশালা।
ধুবুৰীৰ অগ্ৰণী সাংস্কৃতিক আৰু সামাজিক সংগঠন নৃত্যাংগনৰ উদ্যোগত আয়োজিত এই কৰ্মশালাৰে চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ কথক নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে।
উল্লেখ্য যে সোমবাৰৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ধুবুৰী জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আদিত কুমাৰ শৰ্মাই বন্তি প্ৰজ্বলনেৰে কৰ্মশালাৰ শুভ উদ্বোধন কৰে। সেই উদ্বোধনী অনুষ্ঠানত নৃত্যাংগনৰ সভানেত্রী তথা চিলাৰায় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা ডঃ প্ৰতিমা নিয়োগী, বিশিষ্ট সমাজসেৱক শৈলেন্দ্ৰ কিশোৰ ৰায়, বিশিষ্ট নাট্যশিল্পী সমীৰ দাসগুপ্ত, নৃত্যাংগনৰ উপ-সভানেত্ৰী মৰ্মিতা চৌধুৰী আৰু মুখ্য প্ৰশিক্ষক তথা বিশিষ্ট কথক নৃত্যশিল্পী অৰ্পিতা কৰ্মকাৰৰ উপৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৭ জুলাই :