নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত আৰক্ষীৰ অভিযানত নিচাযুক্ত সামগ্ৰীসহ দুই সৰবৰাহকাৰী আটক

ধুবুৰীৰ বিএন কলেজ আৰক্ষী চকীৰ এটা দলৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, কফ ছিৰাপসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত কৰা হয়।

জানিব পৰা মতে, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে ধুবুৰীৰ পাৰ্শ্বৱৰ্তী চোটোবাশজানী অঞ্চলত এক ড্ৰাগছবিৰোধী অভিযান চলাইছিল। অভিযান কালত আৰক্ষীয়ে ৭ বটল Triprolidine Hydrochloride & Codeine Cough Syrup, ১৩৪টা Spas Plus কেপচুল, ৬৯টা Nitcor-10 (Nitrazepam) টেবলেট, নগদ ৫ হাজাৰ টকা জব্দ কৰাৰ সমান্তৰালকৈ দুই ড্ৰাগছ সৰবৰাহকাৰীকো কৰায়ত্ত কৰে।

ধৃত দুজন আদাবাৰী পাৰ্ট–২ৰ ৰিয়াজুল হক আৰু ধুবুৰী চহৰৰ আই জি ইজাজ শেখ বুলি প্ৰকাশ।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৭ জুলাই :

You might also like