নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্ৰেইনৰ ফাৰ্ষ্ট এচি কেবিনক ‘হানীমুন ছুইট’লৈ ৰূপান্তৰ! কঠোৰ ৰে’লৱে

ভাৰতীয় ৰে’লৱেৰ নন্দীগ্ৰাম এক্সপ্ৰেছৰ ফাৰ্ষ্ট এচি কেবিনক হানীমুন ছুইটৰ দৰে সজাই তোলা এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে। বেলুন, ফুল, গোলাপৰ পাহি, ফেৰী লাইট আৰু “I LOVE YOU” লিখা সজ্জাৰে কেবিনটো বিশেষভাৱে সজাই তোলা হৈছিল।

এই ভিডিঅ’টো প্ৰথমে সজ্জাকাৰীয়ে নিজেই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। পিছত নেটিজেনসকলে ইয়াক “ছুহাগৰাত এক্সপ্ৰেছ” আৰু “চকাত চলা হানীমুন ছুইট” বুলি অভিহিত কৰে।

দক্ষিণ মধ্য ৰে’লৱেৰ তথ্য অনুসৰি, দম্পতীগৰাকীয়ে ব্যক্তিগতভাৱে এজন সজ্জাকাৰীক নিযুক্তি দি কেবিনটো সজাইছিল। কিন্তু কোনো চৰকাৰী অনুমতি নোলোৱাকৈ সজ্জাকাৰীজনে জালনা ষ্টেচনত ট্ৰেইনত উঠি ফাৰ্ষ্ট এচি কেবিনত প্ৰৱেশ কৰিছিল।

ৰে’ল কৰ্তৃপক্ষই এই ঘটনাক সুৰক্ষা ব্যৱস্থাৰ এক গুৰুতৰ উলংঘন বুলি অভিহিত কৰিছে। অনুমতি অবিহনে বাহিৰৰ এজন ব্যক্তিক সংৰক্ষিত প্ৰিমিয়াম কেবিনত প্ৰৱেশ কৰিবলৈ দিয়াটো এক ডাঙৰ সুৰক্ষা ত্ৰুটি বুলি জানিবলৈ দিয়া হৈছে।

ঘটনাৰ পিছতে কৰ্তব্যৰত মুখ্য টিকট পৰিদৰ্শক (Chief Ticket Inspector)ক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। লগতে এই সুৰক্ষা ত্ৰুটি কেনেদৰে ঘটিল আৰু সজ্জাকাৰীয়ে কেনেকৈ কেবিনত প্ৰৱেশৰ সুযোগ পালে, সেই সন্দৰ্ভত বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত যিসকল বিষয়া দায়ী বুলি প্ৰমাণিত হ’ব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি দক্ষিণ মধ্য ৰে’লৱেই জনাইছে।

ভাইৰেল ভিডিঅ’টোৱে সামাজিক মাধ্যমত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিছুমানে দম্পতীগৰাকীৰ এই ৰোমাণ্টিক চমকক প্ৰশংসা কৰিছে যদিও আন কিছুমানে যাত্ৰীৰ সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ৰাজহুৱা সম্পত্তিৰ অপব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক, ৯ জুলাই

You might also like