নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ৪ দিনীয়া ভূপেন্দ্র সংগীতৰ কৰ্মশালাৰ আয়োজন

সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধুবুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ধুবুৰীত চাৰিদিনীয়া এক ভূপেন্দ্র সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।

ধুবুৰী আৰক্ষী ছাউনীস্থিত প্ৰেক্ষাগৃহত অহা ১৪ জুলাইৰ পৰা ১৮ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাই স্থানীয় ছাত্ৰ-ছাত্ৰী শিল্পীসকলৰ মাজত ভুপেন্দ্র সংগীতৰৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীক আয়োজকসকলে আগতীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১১ জুলাই

You might also like