নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং

ডিজিটেল ডেস্ক, ১৩ জুলাই : নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰে’লৱেই পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কাম আৰম্ভ কৰাৰ বাবে আজি (১৩ জুলাই) পুৱা ৫ বজাৰ পৰা দলংখনেদি সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে। মেৰামতিৰ কাম চলাৰ ক্ষেত্ৰত আজিৰ পৰা দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং।

এই সময়ছোৱাত সকলো যান-বাহনে নতুন শৰাইঘাট দলং ব্যৱহাৰ কৰিব লাগিব। অৱশ্যে পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ নতুন শৰাইঘাট দলঙেদি গুৱাহাটীত কোনো বাণিজ্যিক যান-বাহন প্ৰৱেশ বা প্ৰস্থান কৰিব নোৱাৰিব।

ইফালে, মেৰামতিৰ কাম সুচাৰুৰূপে সম্পন্ন কৰা আৰু যান-জঁট নিয়ন্ত্ৰণৰ লক্ষ্যৰে ৩১ জুলাইলৈ গধুৰ যান-বাহনৰ বাবে বিকল্প পথ নিৰ্ধাৰণ কৰা হৈছে।

নিৰ্দেশনা অনুসৰি, নামনি অসমৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান-বাহনে বাইহাটা চাৰিআলি আৰু কলিয়াবৰ তিনিআলি হৈ চলাচল কৰিব লাগিব। একেদৰে, উজনি অসমৰ পৰা নামনি অসমৰ দিশলৈ যোৱা গধুৰ যান-বাহনেও কলিয়াবৰ তিনিআলি আৰু বাইহাটা চাৰিআলি হৈ যাতায়াত কৰিব লাগিব।

প্ৰশাসনে ৰাইজক এই সময়ছোৱাত যাত্ৰাৰ পূৰ্বে পথৰ পৰিস্থিতি বিবেচনা কৰি বিকল্প পথ ব্যৱহাৰ কৰাৰ আহ্বান জনাইছে।

You might also like