নিয়মীয়া বাৰ্তা, তামুলপুৰ, ১২ জুলাই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ড্ৰাগছৰ বিৰুদ্ধে গ্ৰহণ কৰা ‘জিৰ’ টলাৰেন্স’ নীতিৰ সৈতে সংগতি ৰাখি সমগ্ৰ অসমৰ লগতে তামুলপুৰ জিলা আৰক্ষী প্ৰশাসনেও অব্যাহত ৰাখিছে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান। ইয়াৰে অংশ হিচাপে আজি তামুলপুৰ জিলা আৰক্ষীৰ এক বিশেষ উদ্যোগত বৰখাটাস্থিত ৰাজহুৱা শ্মশান ভূমিত এক ড্ৰাগছ ধ্বংসীকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত আৰক্ষীৰ বিভিন্ন অভিযানত জব্দ হোৱা বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ৰাজহুৱাকৈ পুৰি সম্পূৰ্ণৰূপে বিনষ্ট (দাহন) কৰা হয়।
তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে আদি কৰি জিলা প্ৰশাসন তথা আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হয়। উঠি অহা যুৱপ্ৰজন্মৰ বাবে এক সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰা আৰু অঞ্চলটোক ড্ৰাগছমুক্ত হিচাপে গঢ়ি তোলাৰ দৃঢ় সংকল্পৰে তামুলপুৰ আৰক্ষীয়ে বিগত সময়ছোৱাত জিলাখনৰ চুকে-কোণে চলোৱা মাৰাথন অভিযানত জব্দ কৰিবলৈ সক্ষম হোৱা সৰ্বমুঠ ৭১,৯২,০৪০ টকা বজাৰ মূল্যৰ এই মাৰাত্মক ড্ৰাগছ আজি আইনসংগত পদ্ধতিৰে ৰাইজৰ সন্মুখত অগ্নিসংযোগ কৰি ধ্বংস কৰা হয়।
সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, আজিৰ এই বিশেষ বিনষ্টকৰণ কাৰ্যসূচীত সৰ্বমুঠ ৮৭.৮৬৮ কিলোগ্ৰাম গাঞ্জা, ৬,৮৫৫টা নিচাযুক্ত টেবলেট তথা কেপচুল আৰু ২.৮৩২ গ্ৰাম অতি মাৰাত্মক ব্ৰাউন ছুগাৰ সম্পূৰ্ণৰূপে জ্বলাই ছাৰখাৰ কৰা হৈছে। ড্ৰাগছ সৰবৰাহকাৰী তথা ক’লা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি সমাজৰ পৰা ইয়াৰ কুপ্ৰভাৱ চিৰদিনৰ বাবে নিৰ্মূল কৰাৰ স্বাৰ্থত তামুলপুৰ জিলা আৰক্ষীয়ে গ্ৰহণ কৰা এনে সবল আৰু দৃষ্টান্তমূলক পদক্ষেপক সমগ্ৰ জিলাখনৰ সচেতন দল-সংগঠনৰ লগতে স্থানীয় সচেতন ৰাইজে একমুখে আদৰণি জনোৱাৰ লগতে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।