ডিজিটেল ডেস্ক, ১২ জুলাই : দক্ষিণ কামৰূপৰ ছয়গাঁও থানাৰ অন্তৰ্গত ঢেকেনাবড়ীত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। আমজেদ খান ওৰফে দ্বীপ নামৰ লোকজনে নিশা ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি গভীৰ নিশা দুৰ্বৃত্তই খিৰিকীৰে সোমাই আহি লোকজনক হত্যা কৰি ঘৰৰ ভিতৰতে বান্ধি থৈ যায়। লগতে দুৰ্বৃত্তই ঘৰৰ ভিতৰৰ সকলো বস্তু এফালৰ পৰা লণ্ডভণ্ড কৰি থৈ যায়।
পুৱা স্থানীয় লোকে খোলা খিৰিকীৰে মৃতদেহটো বান্ধি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। মাতৃ, পত্নী আৰু কণমানি কন্যা সন্তান আত্মীয়ৰ ঘৰলৈ যোৱাৰ বাবে আমজেদ খান নিশা অকলে ঘৰত আছিল। হত্যাকাণ্ড সন্দৰ্ভত ছয়গাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।