নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ভাৰাঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ

গুৱাহাটীৰ শিলপুখুৰীৰ কালী মন্দিৰৰ সমীপত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এটা ভাৰাঘৰৰ পৰা ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীৰ মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো ওৰাঙৰ নেহা শইকীয়াৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, নেহা শইকীয়াই গুৱাহাটীৰ এটা টানিক্স শ্বৰুমত কৰ্মৰত আছিল।

নেহা শইকীয়াৰ ঘৰ ওৰাঙৰ ২নং শইকীয়া চুবুৰিত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ডিজিটেল ডেস্ক, ১৪ জুলাই

You might also like