নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ হলেশ্বৰত বাইকসহ পুখুৰীৰ পৰা উদ্ধাৰ দুই যুৱকৰ মৃতদেহ

তেজপুৰৰ হলেশ্বৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ৰাজহুৱা পুখুৰীৰ পৰা মটৰচাইকেলসহ উদ্ধাৰ কৰা হৈছে দুই যুৱকৰ মৃতদেহ।

মৃত যুৱক দুজন তেজপুৰ বৰুৱাচুবুৰিৰ পলক গগৈ আৰু তপন দাস বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে পলক গগৈ দৰং মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাষিকৰ ছাত্ৰ আছিল। তেওঁ দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ আন্তঃক্ৰীড়া বিভাগৰ সম্পাদকো আছিল। আনহাতে, তপন দাসে এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল।

জানিব পৰা মতে, সোমবাৰে আছিল পলক গগৈৰ জন্মদিন। নিজগৃহত জন্মদিন উদযাপনৰ পিছত নিশা প্ৰায় ১২ বজাত দুয়ো বন্ধু মটৰচাইকেল লৈ ওলাই আহিছিল। তাৰ পিছৰে পৰা দুয়ো সন্ধানহীন হৈ আছিল।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছত শালনিবাৰী আৰক্ষীয়ে মোবাইল ফোনৰ ট্ৰেকিং কৰি দুয়োৰে অৱস্থিতিৰ সন্ধান লাভ কৰে। স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা হলেশ্বৰ ৰাজহুৱা পুখুৰীত অভিযান চলায়।

অভিযানত পুখুৰীৰ পৰা দুয়োৰে মৃতদেহৰ লগতে উদ্ধাৰ কৰা হয় মটৰচাইকেলখনো।

প্ৰাথমিকভাৱে দ্ৰুতবেগত মটৰচাইকেল চলোৱাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। স্থানীয় লোকৰ মতে, ঘাইপথত থকা স্পীড ব্ৰেকাৰত খুন্দা খাই নিয়ন্ত্ৰণ হেৰুৱাই বাইকখন ওফৰি পুখুৰীত পৰাৰ ফলতে দুয়ো যুৱকৰ মৃত্যু হ’ব পাৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ১৪ জুলাই

You might also like