আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)-ৰ গৱৰ্নেন্স কমিটীৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে অসম সন্তান দেৱজিত শইকীয়াই। দেৱজিত শইকীয়াই ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ (BCCI) সচিব হিচাপে কাৰ্য চম্ভালি আছে।
এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় দায়িত্ব তেওঁৰ দূৰদৰ্শী নেতৃত্ব, অসাধাৰণ প্ৰশাসনিক দক্ষতা আৰু ক্ৰিকেট খেলৰ উন্নয়নৰ প্ৰতি থকা অক্লান্ত নিষ্ঠাৰ এক উজ্জ্বল স্বীকৃতি হিচাপে পৰিগণিত হৈছে।
অসমৰ মাটিৰ পৰা বিশ্ব ক্ৰিকেট প্ৰশাসনৰ শীৰ্ষস্থানলৈ তেওঁৰ এই যাত্ৰাই অসমবাসীক গৌৰৱান্বিত কৰিছে।
ডিজিটেল ডেস্ক, ১৪ জুলাই