নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনপ্রিয় অভিনেত্রী পূৰবী শর্মাৰ আকস্মিক দেহাৱসান

অসমীয়া ছবিজগত উকা কৰি পৰলোকলৈ গতি কৰিলে মোহময়ী অভিনেত্রী পূৰবী শর্মাই৷ অসমীয়া সাংস্কৃতিক জগতত আন এক কৰুণ আঘাত হানি জীৱন নাটৰ যৱনিকা পেলালে অসমীয়া ছবিজগতৰ বিশিষ্ট অভিনেত্রীগৰাকীয়ে৷

হৃদৰোগত আক্রান্ত হৈ মহানগৰীৰ মাৰোৱাৰী মেটাৰনিটী হাস্পতালত্ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ তেওঁ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷

উল্লেখ কৰিব পাৰি যে অসমীয়া চিনেমাৰ অন্যতম পৰিচিত মুখ অভিনেত্রী পূৰবী শর্মা৷ ১৯৮০ চনত বিশিষ্ট পৰিচালক নিপ বৰুৱা পৰিচালিত আজলী নবৌ বোলছবিত বেবী নামৰ এটা চৰিত্রৰে চলচ্চিত্র জগতত ভুমুকি মৰা পূৰবী শর্মা অসমীয়া বোলছবি তথা ভ্রাম্যমাণ থিয়েটাৰৰ অন্যতম এগৰাকী জনপ্রিয় অভিনেত্রী পূৰবী শর্মাই দূৰদর্শন আৰু ৰেডিঅ’ৰ নাটকতো দীর্ঘকাল ধৰি সফলতাৰে কাম কৰি আহিছিল৷

পৰৱর্তী সময়ত নিপ বৰুৱা পৰিচালিত ‘এণ্টনী মোৰ নাম’, ধীৰু ভূঞা পৰিচালিত ‘প্রথম ৰাগিণী’, মুনীন বৰুৱা পৰিচালিত ‘পিতা–পুত্র’, ‘বাৰুদ’, ‘পাহাৰী কন্যা’, ‘কন্যাদান’, ‘বিধাতা’, দাৰা আহমেদৰ দ্বাৰা পৰিচালিত ‘পূজা’, বিজু ফুকন পৰিচালিত ‘ভাই ভাই’, শিৱপ্রসাদ ঠাকুৰ পৰিচালিত ‘অশান্ত প্রহৰ’, ‘অহিৰ বৈভৱ’, ‘সোণ মইনা’, হেম বৰা পৰিচালিত ‘সংকল্প’, মৃদুল গুপ্তা পৰিচালিত ‘অভিমান’ আদি বহু বোলছবিত পূৰবী শর্মাই অনুভৱী অভিনয়েৰে দর্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল৷

বিশিষ্ট অভিনেত্রীগৰাকীয়ে হেঙুল, কহিনুৰ, শ্রীমন্ত শংকৰদেৱ আদি বহু জনপ্রিয় ভ্রাম্যমাণ থিয়েটাৰতো মন পৰশা অভিনয় কৰি দর্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল৷ উল্লেখ্য যে ধীৰু ভূঞা পৰিচালিত প্রথম ৰাগিণীয়ে ৰাষ্ট্রীয় বঁটা লাভ কৰিবলৈয়ো সক্ষম হৈছিল, যি আছিল পূৰবী শর্মাৰ অভিনয় কেৰিয়াৰৰ এক গুৰুত্বপূর্ণ মাইলৰ খুঁটি৷

প্রখ্যাত অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচার্যকে ধৰি অসমীয়া চিনেমাৰ কেইবাগৰাকী দ্বিগজৰ সৈতে অভিনয় কৰা পূৰবী শর্মা নতুন প্রজন্মৰ দর্শকৰ বাবেও আছিল অনুপ্রেৰণাৰ প্রতীক৷ কেৱল অভিনয়েই নহয়, বিশিষ্ট অভিনেতা তথা লেখক, পৰিচালক তপন দাসৰ সৈতে থকা তেওঁৰ বৈবাহিক আৰু সৃষ্টিশীল সম্পর্কটোও সকলোৰে বাবে এক চানেকিস্বৰূপ৷

পূৰবী শর্মাৰ প্রয়াণে অসমীয়া চলচ্চিত্র জগতৰ এটি গৌৰৱোজ্জ্বল অধ্যায়ৰ অন্ত পেলালে৷ আঞ্চলিক চলচ্চিত্রৰ দূৰদর্শন ক্ষেত্রখনলৈ তেওঁ আগবঢ়াই যোৱা অৱদান আৰু শিল্পী তথা দর্শকৰ মনত এৰি যোৱা ছাপ সদায়েই স্মৰণীয় হৈ থাকিব৷

আকস্মিকভাৱে অকালতে প্রাণ হেৰুওৱা অভিনেত্রী পূৰবী শর্মাই মৃত্যুৰ সময়ত স্বামী তপন দাসৰ লগতে এগৰাকী কন্যাক ইহ সংসাৰত এৰি যায়৷

ডিজিটেল ডেস্ক, ১৫ জুলাই

You might also like