নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামুৱে বশ কৰিলে লাডেনক

ৰংজুলিত বিধায়ক পদ্মৰ সফল অভিযান । অৱশেষত জালত পৰিল নৰবধি লাডেন । ট্ৰেংকুলাইজড কৰিলে উদণ্ড বন্যহস্তীকঃ মুখ্যমন্ত্ৰীৰ অভিনন্দন ।

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ গোৱালপাৰাত সন্ত্ৰাস চলোৱা বন্যহস্তী লাডেনক অৱশেষত বশ কৰিবলৈ সক্ষম হ’ল বন বিভাগ । বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে সোমবাৰে উদণ্ড হাতীটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় । দলটোৰ সৈতে যোৱা চিকিৎসকে প্ৰথমে ট্ৰেংকুলাইজ কৰাৰ পাছতো অৱশ নোহোৱাত বিধায়ক পদ্মই আন এক ট্ৰেংকুলাইজাৰেৰে হাতীটোক বশ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে যোৱা ২৯ অক্টোবৰত ২৪ ঘণ্টাৰ ভিতৰতে ৫ জনকৈ লোকে হাতীটোৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ।

ইপিনে গোৱালপাৰাত ত্ৰাস সৃষ্টি কৰা বন্যহস্তীটো বশ কৰাৰ দিশত লাভ কৰা সফলতাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ।

You might also like