নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামুগুৰিহাটত আফ্ৰিকান ছোৱাইন ফ্লুৰ সংহাৰ : দুই শতাধিক গাহৰিৰ মৃত্যু

ডিজিটেল ডেস্ক, জামুগুৰিহাট, ১৬ জুলাই : জামুগুৰিহাটত আফ্ৰিকান ছোৱাইন ফ্লুৰ সংহাৰী ৰূপে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। জামুগুৰিহাটৰ কুসুমটোলা নিৱাসী বিশ্বজিৎ হাজৰিকা নামৰ এগৰাকী যুৱকৰ গাহৰি ফাৰ্মত ইতিমধ্যে দুই শতাধিক গাহৰিৰ আকস্মিক মৃত্যু ঘটিছে। গুৱাহাটীৰ খানাপাৰাস্থিত পৰীক্ষাগাৰত মৃত গাহৰিৰ তেজৰ নমুনা পৰীক্ষা কৰাৰ পিছত এই মৃত্যুৰ কাৰণ আফ্ৰিকান ছোৱাইন ফ্লুৰ বীজাণু বুলি নিশ্চিত কৰা হৈছে।

পশু চিকিৎসালয়ৰ চিকিৎসকৰ দলে এই সন্দৰ্ভত তথ্য নিশ্চিত কৰাৰ লগে লগেই সক্ৰিয় হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ। বীজাণুৰ অধিক সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে পশু চিকিৎসক আৰু বিশেষজ্ঞৰ এটা দল কুসুমটোলাস্থিত ফাৰ্মখনত উপস্থিত হয়। সংক্ৰমণ যাতে আন অঞ্চললৈ বিয়পি পৰিব নোৱাৰে, তাৰ বাবে ফাৰ্মখনত থকা অৱশিষ্ট গাহৰিসমূহক নিয়ম অনুসৰি বৈদ্যুতিক শ্বক দি নিধন কৰা হৈছে।

জানিব পৰা মতে, মহামাৰীৰূপী এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আক্ৰান্ত এলেকাৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সকলো ধৰণৰ গাহৰিৰ মাংস বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব। এই ঘটনাই স্থানীয় গাহৰিপালকসকলৰ মাজত তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে ব্যৱসায়ীসকলকো চিন্তাত পেলাইছে।

You might also like