ডিজিটেল ডেস্ক, ১৬ জুলাই : চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে ধুবুৰী জিলাৰ গোলকগঞ্জত আৰক্ষীৰ অভিযান। যোৱানিশা ই-ৰিক্সাৰে পশ্চিমবংগৰ পৰা হালাকুৰা, আগমনি আৰক্ষী থানাৰ সন্মুখেৰে ধুবুৰীলৈ যোৱাৰ পথত গোপন খবৰৰ ভিত্তিত ই-ৰিক্সাত তালাচী চলায় গোলকগঞ্জ আৰক্ষীয়ে।
আৰক্ষীৰ তালাচীত ই-ৰিক্সাৰ পৰা উদ্ধাৰ কৰে এটা চোৰাং গৰু। ই-ৰিক্সাচালক তথা সৰবৰাহকাৰী ৰবিয়াল হকক আটক কৰিছে। ধৃত ৰবিয়াল হকৰ ঘৰ ধুবুৰীৰ আমেৰভিটাত বুলি জানিব পৰা গৈছে।