নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱত আৰক্ষীৰ জিম্মাৰ পৰা আচামীৰ পলায়ন : গোটেই নিশা তালাচীৰ অন্তত পুনৰ গ্ৰেপ্তাৰ

গোসাঁইগাঁৱত বুধবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা এগৰাকী আচামীয়ে পলায়ন কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে। অৱশ্যে আৰক্ষীয়ে গোটেই নিশাৰ ব্যাপক তালাচী অভিযানৰ অন্তত পলাতক আচামীক পুনৰ আটক কৰিবলৈ সক্ষম হয়।

ভাওৰাগুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিৰ্বাণ দেই জানিবলৈ দিয়া মতে, ভাওৰাগুৰী আৰক্ষী চকীৰ আৰক্ষীয়ে সোণৰ চেইন কাঢ়ি নিয়া ঘটনাৰ সৈতে জড়িত চিলনী চোৰৰ বিৰুদ্ধে তাৎক্ষণিক অভিযান চলাই ঘটনাৰ সৈতে জড়িত ধুবুৰী জিলাৰ ছাদ্দাম হুছেইন, আদাহাম আলী আৰু ৰিয়াজুল হকক আটক কৰে ৷

ইপিনে, ঘটনাৰ আঠ ঘন্টাৰ ভিতৰতে আটক কৰা আচামী তিনিজনক নিয়মমাফিক স্বাস্থ্য পৰীক্ষাৰ বাবে গোসাঁইগাঁও হাব্ৰুবিলস্থিত আৰ এন বি অসামৰিক চিকিৎসালয়লৈ লৈ আহে । সেই সময়ত এগৰাকী হাবিলদাৰ আৰু এগৰাকী গৃহৰক্ষী জোৱানৰ জিম্মাত থকা তিনিওজন আচামীৰ ভিতৰত দুজন আচামীয়ে নিশা আৰক্ষীৰ চকুত ধূলি দি চিকিৎসালয়ৰ পৰা দৌৰি পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে তৎপৰতাৰে এজনক পুনৰ আটক কৰিবলৈ সক্ষম হয় যদিও ৰিয়াজুল হক নামৰ আচামীজনে পলায়ন কৰিবলৈ সক্ষম হয়।

ঘটনাৰ পিছতে আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয় আৰু ইয়াৰ চৌপাশৰ অঞ্চলত ব্যাপক তালাচী অভিযান আৰম্ভ কৰে। গোটেই নিশা চলা এই অভিযানৰ অন্তত চিকিৎসালয়ৰ ওচৰতে লুকাই থকা অৱস্থাত পলাতক আচামী ৰিয়াজুল হকক পুনৰ গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে দুদিন পূৰ্বে চিলনী চুৰিৰ অভিযোগত এই তিনিওজন অভিযুক্তক আৰক্ষীয়ে সোণৰ চেইনসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল ৷ আৰক্ষীৰ জিম্মাৰ পৰা আচামী পলায়নৰ ঘটনাক কেন্দ্ৰ কৰি গোসাঁইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় মহলত আৰক্ষীৰ দায়িত্ব পালন আৰু নিৰাপত্তা ব্যৱস্থাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ।

নিয়মীয়া বাৰ্তা, গোসাঁইগাঁও, ১৬ জুলাই :

You might also like