বাৰিষা মানেই বৰষুণ-ৰ গান৷ বাৰিষা আহিলেই আমাৰ মন–প্রাণ স্বাভাৱিকতেই ভৰি পৰে৷ শস্যসম্ভৱা হৈ উঠে পথাৰখন৷ কৃষিকর্মৰ বাবে খেতিয়কৰ মনত উছাহৰ সৃষ্টি হয়৷ বৰষুণে খেতিপথাৰখন জীপাল কৰি তোলাত খেতিয়কৰ মনবোৰো সপোন–সজাল হৈ উঠে৷
ভাৰতৰ দৰে এখন কৃষিপ্রধান দেশত বৰষুণৰ গুৰুত্ব অনস্বীকার্য৷ ভাৰতৰ দৰে এখন বিশাল দেশত জলবায়ুৰ ভিন্নতা তেনেই স্বাভাৱিক কথা৷ কোনোবাটো প্রান্ত যদি নদী, জান–জুৰিৰে ভৰপূৰ, আন কোনোবাটো প্রান্ত আকৌ খৰাং মৰুভূমি৷
ক’ৰবাত যদি বৰষুণ আগতীয়া, ক’ৰবাত আকৌ নুমলীয়া৷ এনে ভিন্নতাৰ মাজতো বতৰ সাপেক্ষে খেতিয়কে খেতি কৰে৷ তথাপি বৰষুণ খেতিয়কৰ কাম্য৷ সাহিত্যত বৰষুণক যিমানেই বন্দনা কৰা নহওক কিয়, খেতিয়কৰ বাবে বৰষুণ সেই বন্দনাৰো ঊর্ধ্বত এক পৰম প্রাপ্তি৷
আমাৰ অর্থনীতি মুখ্যতঃ কৃষিপ্রধান হ’লেও সমগ্র দেশতে সমানেই পর্যাপ্ত জলসিঞ্চনৰ সুবিধা হোৱা নাই৷ স্থানীয়ভাৱে কৃষকে খাল–ডোঙৰ পৰা থলুৱা পদ্ধতিৰে খেতিত পানী যোগানৰ ব্যৱস্থা কৰে যদিও সেই প্রয়াসে খেতিয়কৰ প্রয়োজনীয়তা সম্পূর্ণকৈ পূৰাব নোৱাৰে বা অধিক কষ্টসাধ্য হয়৷
তেনেক্ষেত্রত খেতিপথাৰত চৰকাৰী জলসিঞ্চন ব্যৱস্থাৰ প্রয়োজনীয়তা অধিক৷ কাৰণ বতৰৰ ভিন্নতাৰ বাবে দেশৰ সকলো ঠাইতে সমানে বৰষুণ নহয় বাবে খেতিয়কে প্রভূত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়৷
বৈজ্ঞানিক পদ্ধতিৰে খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিলে খেতিয়কৰ অসুবিধা বহুখিনি দূৰ কৰিব পৰা যায়৷ অসমত সাধাৰণতে বাৰিষা বৰষুণৰ অভাৱ নহয়৷ ৰঙালী বিহুৰ সময়ৰে পৰাই অসমত বৰষুণ হ’বলৈ ধৰে৷ খৰালি কালত মুকলি হৈ পৰা পথাৰখনত ন–পানী পৰি নতুন ৰূপ ধাৰণ কৰাত খেতিয়কৰ মন উছাহেৰে ভৰি পৰে৷
কিন্তু ৰাজ্যখনত বৰষুণৰ মাত্রা স্বাভাৱিকতকৈ বেছি হ’লে আকৌ বান হোৱাৰ আশংকা ঘনীভূত হৈ পৰে৷ অধিক বৰষুণে গঞাৰ জীৱনলৈ শংকাও নমাই আনে৷ কিন্তু তাৰ বিপৰীতে কেতিয়াবা বতৰে বিধি–পথালি দিয়াও দেখা যায়৷ দীর্ঘদিন ধৰি বৰষুণ নহ’লে আমাৰ ৰাজ্যখনতো খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ তেনে অৱস্থাত খেতিয়কে মূৰে–কপালে হাত দিবলগীয়া অৱস্থা হয়৷
এইবাৰ আকৌ সমগ্র বিশ্বতে এল নিনোৰ প্রভাৱ পৰিছে৷ ফলত বৃষ্টিপাতৰ পৰিমাণ কমি গৈছে৷ গৰম বৃদ্ধি পাইছে৷ ইউৰোপৰ দৰে দেশত এই গৰমত অভিলেখসংখ্যক লোকৰ মৃত্যু ঘটাটো নিশ্চয়কৈ লক্ষণীয়৷
ভাৰতত আকৌ এল নিনোৰ প্রভাৱক একাষৰীয়া কৰি থৈ এইবাৰ বিভিন্ন ৰাজ্যত প্রবল বৰষুণ হৈছে৷ ফলত ভাৰতৰ উত্তৰ আৰু দক্ষিণ অঞ্চলৰ বিভিন্ন ৰাজ্যত বানে সকলোকে লটি–ঘটি কৰিছে৷ কেৱল বৰষুণেই নহয়, ঠায়ে ঠায়ে ডাৱৰ বিস্ফোৰণো হৈছে৷
তাৰ ফলত জলপ্রলয়ৰ সৃষ্টি হৈছে৷ বহুতো ধন–সম্পত্তিৰ লগতে নাগৰিকৰো প্রাণহানি হৈছে৷ বতৰৰ এই ৰূপ অসমতো দেখিবলৈ পোৱা গৈছে৷ বতৰৰ ৰঙাচকুৰ সন্মুখত সকলোৱেই যেন অসহায়৷ বতৰৰ কালৰূপক ৰোধ কৰাটো সম্ভৱ নহয়৷ চৰকাৰে ক্ষতিপূৰণৰ ব্যৱস্থা নিশ্চয়কৈ কৰিব পাৰে৷
কিন্তু প্রলয় নহ’লে, সাধাৰণ বৰষুণৰ পানী সংৰক্ষণৰ দিহা কৰি প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্রত অৰিহণা যোগাব পাৰে৷ কাৰণ এনে প্রলয় খন্তেকীয়া, কিন্তু পানীৰ নাটনি দীঘলীয়া হ’ব পাৰে৷
সেইবাবে কেৱল বৰষুণকে ভৰসা কৰি নাথাকি জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰে ভূটান পাহাৰৰ পাদদেশত পানীৰ উৎসৰ পৰা জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে৷ বৰষুণ আমাৰ সঞ্জীৱনী৷ কিন্তু তাৰ পিছতো সময়ৰ প্রয়োজনীয়তা পূৰণ কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ ল’ব পাৰে৷
নাগৰিকসকলেও সময়ৰ ভিত্তিত এনে কামত মন দিব পাৰে৷ গোলকীয় জলবায়ু পৰিৱর্তনৰ ফলত কৃষিকার্যও ক্ষতিগ্রস্ত হৈছে৷ এনেক্ষেত্রত বিকল্প পদ্ধতিৰ সন্ধান কৰাটো এতিয়া জৰুৰী হৈ পৰিছে৷ বতৰৰ পৰিৱর্তনে বাৰিষাৰ বৰষুণৰ ওপৰত পেলোৱা প্রভাৱে কৃষিকার্যত ক্ষতি কৰিছে৷
কাৰণ সঠিক কৃষিকার্যৰ বাবে যি পৰিমাণৰ বৰষুণৰ প্রয়োজন হয়, তাৰ পৰিৱর্তে অতিবৃষ্টি বা অনাবৃষ্টি হ’লে কৃষিকার্যৰ ওপৰত বিৰূপ প্রভাৱ পৰাটো তেনেই স্বাভাৱিক৷ এনেক্ষেত্রত চৰকাৰে কৃষকসকলৰ বাবে বিভিন্ন পদক্ষেপ লোৱাটো প্রয়োজনীয় হৈ পৰে৷
বৰষুণে সৃষ্টি কৰা পানীৰ অভাৱ পূৰণৰ বাবে খেতিৰ পদ্ধতি সলনি কৰাৰ চিন্তা কৰিব পাৰে৷ তদুপৰি বাৰিষাৰ বতৰত খেতিৰ বাবে বৰষুণৰ অভাৱ হ’লে জলসিঞ্চনৰ ব্যৱস্থা কৰাটো নিত্যান্তই প্রয়োজনীয় হৈ পৰে৷
চৰকাৰীভাৱে আমাৰ দেশত বিশেষকৈ অসমত বিভিন্ন জলসিঞ্চন ব্যৱস্থা ইতিমধ্যে প্রৱর্তন কৰা হৈছে যদিও তাৰ সঠিক সুফল কৃষক সমাজে পোৱা বুলি বুকুত হাত থৈ ক’ব নোৱাৰি৷ যিহেতু আমাৰ অর্থনীতিয়ে কৃষিক বাদ দি চলিব পৰাৰ কথাটো ভাবিব নোৱাৰি৷
সেইবাবে কৃষি ক্ষেত্রৰ উন্নয়নৰ বাবে কেৱল বৰষুণৰ ওপৰত ভিত্তি নকৰাকৈয়ে যাতে বিভিন্ন বতৰসাপেক্ষ খেতি–বাতি কৰিব পৰাৰ ব্যৱস্থা প্রৱর্তন কৰিব পাৰি, তাৰ বাবে প্রচেষ্টা চলোৱাৰ প্রয়োজন হৈ পৰিছে৷