নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

APL : নীল আকাশক ডিব্রুগড় ৱাৰিয়র্ছৰ ব্রেণ্ড এম্বেছাডৰ নিযুক্তি

প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া অসম প্রিমিয়াৰ লীগ (APL)ৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে সকলো ক্রিকেট ফ্রেনচাইজী৷ আইপিএলৰ আর্হিৰে অসমৰ মাটিত প্রথমবাৰলৈ অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনত ডিব্রুগড় ৱাৰিয়র্ছে অসমৰ জনপ্রিয় কণ্ঠশিল্পী নীল আকাশক দলটোৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে৷

একে সময়তে মুকলি কৰা হৈছে দলটোৰ অফিচিয়েল এন্থেমো৷ এন্থেম মুকলি অনুষ্ঠানতে ডিব্রুগড় জিলা ক্রীড়া সন্থাৰ বর্তমানৰ উপ–সভাপতি তথা ফ্রেনচাইজীটোৰ উপদেষ্টা ভাস্কৰ পাপুকণ গগৈকো সম্বর্ধনা জনোৱা হয়৷

ইফালে, প্রশিক্ষক আৰু সহযোগী কর্মকর্তাৰ তালিকাও ঘোষণা কৰে ডিব্রুগড় ৱাৰিয়র্ছে৷ দলটোৰ মুখ্য প্রশিক্ষকৰ দায়িত্বত থাকিব অসমৰ প্রাক্তন ক্রিকেটাৰ ধীৰাজ গোস্বামী৷ সহকাৰী প্রশিক্ষক হিচাপে থাকিব নীলেশ শর্মা৷

বলিং প্রশিক্ষক হিচাপে দায়িত্ব পালন কৰিব প্রথম শ্রেণীৰ প্রাক্তন ক্রিকেটাৰ সুজয় তৰফদাৰ৷ আনহাতে, ষ্ট্রেংথ এণ্ড কণ্ডিচনিং প্রশিক্ষকৰ দায়িত্বত থাকিব ভার্গৱ শর্মা৷

ডিজিটেল ডেস্ক, ১৭ জুলাই

You might also like