আজি ১৮ জুলাই, শাওণ মাহৰ ১ তাৰিখ
শনিবাৰ : তিথি–চতুর্থী, নক্ষত্র : শতভিষা, যাত্রা : নাই
মেষ : আজিৰ দিনটোত আপোনালোকে খং কমাওক৷ অযথা চিন্তা নকৰিব৷ আনৰ বেয়া চিন্তা নকৰিব৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷ আর্থিক দিশত শুভ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪৷
বৃষ : আজি আনৰ প্রশংসা পাব৷ সততাত গুৰুত্ব দিব৷ পদোন্নতিৰ ক্ষেত্রত কোনো দুষ্ট লোকে বাধাৰ সৃষ্টি কৰিব পাৰে৷ বিদ্যা–শিক্ষাত শুভ৷ পাৰিবাৰিক দিশত বিবাদৰ পৰা দূৰত থাকিব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷
মিথুন : আজি অলপ ধৈর্য ধৰক, নহ’লে বিবাদ হোৱাৰ সম্ভাৱনা বেছি৷ পৰচর্চা নকৰিব৷ আর্থিক দিশত উন্নতি লাভ৷ সামাজিক দিশত মধ্যম৷ সন্ধিয়ালৈ কিছু ভাল খবৰে মনটো প্রফুল্লিত কৰিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷
কর্কট : আজি আনক হিংসা নকৰিব৷ হঠাৎ কাৰোবাৰ সৈতে মতভেদ হ’ব পাৰে৷ দাম্পত্যত শুভ ফল লাভ৷ সন্তানৰ পৰা আনন্দ লাভ হ’ব৷ বিদ্যাত আজি নতুন সুযোগ লাভ কৰিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷
সিংহ : আজি প্রতিৱেশীৰ ওপৰত নজৰ ৰাখিব৷ বিবাহৰ যোগ৷ শোভাযাত্রাত অংশগ্রহণ নকৰিব৷ খৰচৰ ওপৰত নিয়ন্ত্রণ ৰাখিব৷ আর্থিক দিশত উন্নতি লাভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৬৷
কন্যা : আজি দিনটোত আপোনাক কোনো সুসংবাদ লাভে আনন্দ দিব৷ কোনো প্রভাৱশালী লোকৰ সান্নিধ্য লাভ কৰিব পাৰিব৷ পেটৰ সমস্যাই শৰীৰত কিছু ব্যাঘাত জন্মাব পাৰে৷ স্বাস্থ্যত গুৰুত্ব দিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯৷
তুলা : আজি জুইৰ পৰা সাৱধান হ’ব৷ নতুন ব্যৱসায়ৰ কাম হাতত নল’ব৷ প্রেমত সফল হ’ব৷ নতুন ব্যক্তিৰ সৈতে পৰিচয় হ’ব৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ১৷
বৃশ্চিক : আজি অলপ ভাগৰুৱা অনুভৱ কৰিব৷ বিদ্যার্থীসকলে পৰীক্ষাত সুখ্যাতি লাভ কৰিব৷ খঙাল স্বভাৱে মনোকষ্ট দিব৷ পাৰিবাৰিক দিশত মধ্যম৷ প্রেমত ভাল ফল লাভ নহ’ব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮৷
ধনু : আজি আপোনাৰ শত্রু কমিব৷ কর্মত সফল হ’ব৷ কোনো আত্মীয় লোকৰ শৰীৰৰ কিছু ক্ষতি হ’ব পাৰে৷ প্রতিযোগিতাত জয়লাভ হ’ব৷ প্রেমত শুভ ফল লাভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৩৷
মকৰ : আজি আপোনাৰ কর্মৰ দ্বাৰা জনপ্রিয়তা বৃদ্ধি হ’ব৷ মাতৃৰ পৰা সন্মান লাভ৷ বিদ্যার্থীসকলে পঢ়া–শুনাত মনোযোগ দিব৷ শৰীৰৰ অলপ যত্ন ল’ব৷ আর্থিক দিশত লাভ হ’ব৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৩৷
কুম্ভ : আজি যান–বাহনৰ ক্ষেত্রত সাৱধান হোৱাৰ প্রয়োজন৷ প্রেমত শুভ৷ বিদ্যার্থীৰ ক্ষেত্রত কিছু যত্ন লোৱাৰ প্রয়োজন৷ কর্মক্ষেত্রত কিছু সমস্যা হ’ব পাৰে৷ আর্থিক দিশত শুভ ফল লাভ৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা ৫৷
মীন : আজিৰ দিনটো অন্য দিনৰ তুলনাতকৈ ভালকৈ পাৰ হ’ব৷ হঠাতে অহা সুখবৰে ঘৰখনক আনন্দ দিব৷ বিদ্যার্থীসকলে শিক্ষাত সুফল পাব৷ মাতৃৰ শৰীৰৰ অলপ ধ্যান ৰাখিব৷ সামাজিক দায়বদ্ধতা থাকিব৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷