নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈত ভয়ংকৰ অগ্নিকাণ্ড

ডিগবৈ থানাৰ অন্তৰ্গত বাপাপুং উডলেণ্ড ফেক্টৰীৰ সমীপত পুৱতিনিশা প্ৰায় তিনি মান বজাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত দুটা ভাৰাঘৰ সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়। জানিব পৰা মতে, এখন ঘৰত পংকজ পেগু আৰু অখিল পেগু বাস কৰিছিল, আনখন ঘৰত আছিল মাণিক লামা। অগ্নিকাণ্ডত দুয়োটা ঘৰ সম্পূৰ্ণ ধ্বংস হয়।

ভস্মীভূত হোৱা ভাৰাঘৰ দুটাৰ মালিক বিপুল কলিতা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ড সংঘটিত হোৱা স্থানৰ কাষতেই কেইবাটাও বাসগৃহ থকাৰ বাবে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

খবৰ পাই ভাৰতীয় তেল নিগম (অসম তেল সংমণ্ডল)ৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে। ফলত জুয়ে ওচৰৰ আন ঘৰসমূহলৈ বিয়পি অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰা বাপাপুং অঞ্চল ৰক্ষা পৰে।

এই অগ্নিকাণ্ডত ঘৰসমূহত থকা আচবাব, কাপোৰ-কানি আৰু অন্যান্য সামগ্ৰী সম্পূৰ্ণৰূপে জ্বলি যোৱাত ক্ষতিগ্ৰস্তসকলৰ লক্ষাধিক টকাৰ ক্ষতি হোৱা বুলি জানিবলৈ দিছে। অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বিষয়টোক লৈ তদন্ত অব্যাহত আছে।

ডিজিটেল ডেস্ক, ১৮ জুলাই

You might also like