নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ নামচাইত প্ৰচণ্ড গুলীয়াগুলী

অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ টেংগাপানী সংৰক্ষিত বনাঞ্চল আৰু লালপাহাৰ পথৰ মাজৰ অঞ্চলত শুকুৰবাৰে নিশা প্ৰায় ৯:১৫ বজাত ৮ আছাম ৰাইফলছ আৰু এটা অজ্ঞাত উগ্ৰপন্থী গোটৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়।

এই ঘটনাত মমং গাঁৱৰ বাসিন্দা ৩০ বছৰীয়া কয়লানি নামচুম (পিতাঃ চাও নালাচিং নামচুম)ৰ বাঁও ভৰিৰ আঁঠুত গুলী লাগে। আহত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে অসমৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (TMCH) প্ৰেৰণ কৰা হৈছে।

ইয়াৰ পিছত চলোৱা অভিযানত দুজন সন্দেহভাজন ব্যক্তিক আটক কৰি অধিক তদন্তৰ বাবে নামচাই আৰক্ষীৰ হাতত চমজাই দিয়া হৈছে।

ডিজিটেল ডেস্ক, ১৮ জুলাই

You might also like