নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বদান্যতা : ১ কোটি টকা দান গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দম্পতীৰ 

শিক্ষা আৰু সমাজৰ প্ৰতি গভীৰ দায়বদ্ধতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰি গুৱাহাটীৰ এটা অৱসৰপ্ৰাপ্ত অধ্যাপক দম্পতীয়ে নিজৰ জীৱনজোৰা সঞ্চয় বিশ্ববিদ্যালয়লৈ দান কৰিছে।

ড° পান্নালাল গোস্বামী আৰু ড° নন্দিতা ভট্টাচাৰ্য গোস্বামীয়ে নলবাৰীত অৱস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় (KBVS&ASU)লৈ ১ কোটি টকা দান আগবঢ়াইছে।

শিক্ষাৰ প্ৰতি গভীৰ অনুৰাগেৰে অনুপ্ৰাণিত এই দম্পতীয়ে জনাইছে যে এই ধন বিশ্ববিদ্যালয়খনত প্ৰাচীন ইতিহাস, ঐতিহ্য আৰু সাংস্কৃতিক গৱেষণা আগবঢ়োৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱাটো তেওঁলোকৰ আশা।

ড° পান্নালাল গোস্বামী আৰু ড° নন্দিতা ভট্টাচাৰ্য গোস্বামীৰ শিক্ষা ক্ষেত্ৰত এক দীঘলীয়া আৰু গৌৰৱোজ্জ্বল কৰ্মজীৱন আছে। তেওঁলোক দুয়ো কটন মহাবিদ্যালয় (বৰ্তমান কটন বিশ্ববিদ্যালয়)ত অধ্যাপনা কৰিছিল আৰু ২০০৯ চনত অৱসৰ গ্ৰহণ কৰে।

ড° পান্নালাল গোস্বামীয়ে ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে দায়িত্ব পালন কৰিছিল, আনহাতে ড° নন্দিতা ভট্টাচাৰ্য গোস্বামীয়ে সংস্কৃত বিভাগৰ অধ্যাপিকা হিচাপে সেৱা আগবঢ়াইছিল।

শিক্ষা আৰু গৱেষণাৰ উন্নয়নৰ স্বাৰ্থত নিজৰ জীৱনজোৰা সঞ্চয় দান কৰাৰ এই মহান সিদ্ধান্তই শিক্ষাবিদ মহল, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰশংসা লাভ কৰিছে। সমাজ আৰু শিক্ষাৰ প্ৰতি তেওঁলোকৰ আজীৱন অংগীকাৰৰ এই পদক্ষেপক এক অনুকৰণীয় দৃষ্টান্ত হিচাপে গণ্য কৰা হৈছে।

ডিজিটেল ডেস্ক, ১৮ জুলাই

You might also like