নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল সীমান্তৰ সমীপতে পঞ্চমখন ডিফেঞ্চ ভিলেজ নির্মাণ চীনৰ

ডিজিটেল ডেস্ক, ১৮ জুলাই : শান্তিৰ দূত হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ বিচাৰিলেও প্রতিৱেশী ৰাষ্ট্র চীনৰ ভাৰতবিৰোধী চৰিত্র এতিয়া এফালৰ পৰা বিশ্ববাসীৰ সন্মুখলৈ আহিবলৈ ধৰিছে৷ অসমীয়াৰ আয়ুস ৰেখা ব্রহ্মপুত্রৰ ভেটিত বিশ্বৰ বৃহৎ বান্ধ নির্মাণৰ সময়তে পোহৰলৈ আহিছে চীনৰ আন এক কুখ্যাত কার্য৷

আন্তঃৰাষ্ট্রীয় সীমান্তত নিজৰ স্থিতি সবল কৰিবলৈ ভাৰত–চীন সীমান্তত চীনে গ্রহণ কৰিছে আন এক কৌশলগত পদক্ষেপ৷ ভাৰতবর্ষৰ অৰুণাচল প্রদেশৰ সীমান্তৰ পৰা মাথোঁ কেইকিলোমিটাৰ দূৰৈত তিব্বতৰ মেটগ কাউণ্টীত চীনে পঞ্চমখন নতুন প্রতিৰক্ষামূলক গাঁও সম্পূর্ণ কৰিছে৷ স্বয়ং চীনৰ চৰকাৰী সংবাদ মাধ্যম চাইনা ডেইলীত এই কথা প্রকাশ পাইছে৷

প্রকাশিত তথ্য অনুসৰি, ভাৰত সীমান্তৰ প্রকৃত নিয়ন্ত্রণৰেখা চমুকৈ এলএচিৰ পৰা মাথোঁ কেইকিলোমিটাৰ দূৰত্বত চীনে গঢ়ি তুলিছে ‘গুৱ’ছিঙ’ নামৰ গাঁওখন৷ আগ্রাসী চীনে এই গাঁওসমূহ উন্নয়নমূলক প্রকল্প বুলি বিশ্ববাসীৰ আগত প্রমাণ কৰিবলৈ চেষ্টা চলালেও সামৰিক আৰু ভূ–ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে এই গাঁওসমূহ সীমান্তত চীনৰ স্থায়ী উপস্থিতি সুদৃঢ় কৰাৰ এক সুদূৰপ্রসাৰী কৌশল৷ তিব্বতৰ মেটগ কাউণ্টীত গঢ় লৈ উঠা ৫খন নতুন সীমান্তৱর্তী গাঁৱৰ ভিতৰত ‘গুৱ’ছিঙ’ অন্তিম প্রকল্প বুলি চীনে সদৰী কৰিছে৷

মূলতঃ ভূমিস্খলন বা দুর্গম অঞ্চলৰ কেইবাশ পৰিয়ালক নতুন স্থানলৈ স্থানান্তৰ কৰাৰ অজুহাতত এই গাঁওকেইখন নির্মাণ কৰাৰ দাবী চীনে কৰিলেও নৱনির্মিত গাঁওকেইখনত আধুনিক বাসগৃহ, পকীপথ, বিদ্যুৎ সংযোগ, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা, বিদ্যালয় গঢ়ি তোলাৰ লগতে যোগাযোগ ব্যৱস্থা আৰু পর্যটনকেন্দ্রিক আন্তঃগাঁথনিসমূহ গঢ়ি তোলাক প্রত্যক্ষ কৰি বিভিন্ন মহলে এয়া সামৰিক সুৰক্ষা আবেষ্টনীৰ প্রথম পর্যায় বুলি মন্তব্য কৰিছে৷

অকল সেয়াই নহয়, উক্ত গাঁওখনকে ধৰি মুঠ ৫খন গাঁৱতে নাগৰিকৰ অর্থনৈতিক স্বনির্ভৰশীলতা গঢ়ি তুলিবলৈ চীনা চৰকাৰে উচ্চ মূল্যৰ ঔষধি উদ্ভিদ ডেন্দ্র’বিয়ামৰ খেতিৰ ব্যৱস্থাও কৰি দিছে৷ চৰকাৰী পৃষ্ঠপোষকতাত ৬ হাজাৰৰো অধিক ঔষধি গছ স্থানীয় পৰিয়ালসমূহৰ মাজত বিতৰণ কৰা হৈছে৷

উল্লেখ্য যে তিব্বতৰ মেটগ প্রদেশৰ ঘন বর্ষাৰণ্যৰ বাবে তাৰ জলবায়ু কৃষি উপযোগী৷ চীনৰ এনেধৰণৰ পদক্ষেপে তাৰ বাসিন্দাসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে চীনৰ কৃষি অর্থনীতিকো এক নতুন মাত্রা প্রদান কৰিব৷ বিশ্ব মানচিত্রত নিজৰ নাগৰিকক সহায় কৰাৰ বাবে চীনা চৰকাৰে লোৱা এনে পদক্ষেপক জনকল্যাণকামী বুলি প্রতিষ্ঠা কৰিবলৈ চেষ্টা চলালেও সামৰিক বিশেষজ্ঞসকলৰ মতে সীমান্তত এনেধৰণে অধিকসংখ্যক স্থায়ী নাগৰিকৰ উপস্থিতিয়ে প্রয়োজনৰ সময়ত চৰকাৰক বিভিন্ন ধৰণে সহায় কৰিব পাৰে৷ তদুপৰি যোগাযোগ ব্যৱস্থা, পথ, বিদ্যুৎ সংযোগ ব্যৱস্থা আৰু ডিজিটেল নেটৱর্কৰ উন্নতি হোৱাৰ ফলত যুদ্ধকালীন পৰিস্থিতিত সামৰিক বাহিনীয়েও অতি সহজতে এই আন্তঃগাঁথনি ব্যৱহাৰ কৰাৰ সুযোগ গ্রহণ কৰিব পাৰে৷

স্বয়ং চীনৰ চৰকাৰী সংবাদ মাধ্যমত চীনৰ চিচুৱান প্রদেশৰ এগৰাকী পর্যটক জাং জুৱে সদৰী কৰা মতে, সীমান্তৱর্তী এলেকাত এনেধৰণৰ আন্তঃগাঁথনিয়ে এফালে পর্যটকৰ হাৰ বৃদ্ধি কৰাৰ লগতে অধিক জনবসতিয়ে ৰাষ্ট্রীয় সুৰক্ষাৰ ক্ষেত্রতো পৰোক্ষভাৱে হ’লেও এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ গতিকে চীনে যিমানেই এই পদক্ষেপক জনকল্যাণমুখী বুলি অভিহিত কৰিবলৈ চেষ্টা নকৰিলেও তেওঁলোকৰ নাগৰিকেই এই কথা প্রত্যক্ষভাৱে সদৰী কৰিছে৷ ভাৰতৰ বাবে অৰুণাচল প্রদেশৰ সীমান্তৱর্তী তিব্বতৰ মেটগ প্রদেশ অতিকে গুৰুত্বপূর্ণ বুলি তাহানিৰ সময়ৰে পৰা বিবেচিত হৈ আহিছে৷ পূর্বৰে পৰা সমগ্র অৰুণাচল প্রদেশক চীনে দক্ষিণ তিব্বত বুলি দাবী কৰি আহিছে৷ গতিকে এই পৰিস্থিতিত সীমান্তৱর্তী মেটগ প্রদেশত জনবসতি গঢ়ি তোলাটোক কেৱল উন্নয়নমূলক পদক্ষেপ হিচাপে প্রত্যক্ষ কৰাটো কঠিন বুলি বহুসংখ্যক বিশ্লেষকে মন্তব্য কৰিছে৷

বিশেষকৈ ২০২০ চনৰ গালৱান সংঘর্ষৰ পিছত ভাৰত আৰু চীন দুয়োখন দেশে সীমান্তত আন্তঃগাঁথনি উন্নয়নৰ গতি বৃদ্ধি কৰিছে৷ একে সময়তে চীনে যিদৰে অসামাৰিক উন্নয়ন, পর্যটন, কৃষি আৰু জনবসতিক সামৰিক কৌশলৰ সৈতে সংযুক্ত কৰিছে, সেয়া অনাগত সময়ত ভাৰতৰ বাবে এক নতুন প্রত্যাহ্বান হিচাপে চিহ্ণিত হোৱাৰ আশংকা বৃদ্ধি পাইছে৷ এনেদৰে সীমান্তত চীনৰ জনবসতি বৃদ্ধি পালে ভৱিষ্যতে উক্ত ভূ–খণ্ড চীনে নিজৰ বুলি দাবী কৰাৰ ৰাজনৈতিক ভিত্তি লাভ কৰাৰ লগতে সীমান্ত অঞ্চলত অধিকসংখ্যক নাগৰিকৰ উপস্থিতিয়ে ভাৰতৰ বিভিন্ন তথ্য সংগ্রহৰ ক্ষেত্রতো পৰোক্ষভাৱে সুবিধা প্রদান কৰিব পাৰে৷ অকল সেয়াই নহয়, অৰুণাচল প্রদেশক লৈ চীনে দীর্ঘদিন ধৰি কৰি অহা দাবীৰ পৰিপ্রেক্ষিতত এনে গাঁওসমূহ মনঃস্তাত্ত্বিক আৰু কৌশলগত চাপ সৃষ্টিৰ মাধ্যম হিচাপে ব্যৱহাৰ হোৱাৰো আশংকা নথকা নহয় বুলি সামৰিক বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷

You might also like