নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰ্জেণ্টিনাৰ স্বপ্নভংগ… খেলপথাৰতে কান্দোনত ভাঙি পৰিল মেছি

ডিজিটেল ডেস্ক, ২০ জুলাই : ফিফা বিশ্বকাপ ২০২৬-ৰ মেগা ফাইনেলত স্পেইনৰ হাতত ১-০ গ’লৰ ব্যৱধানত পৰাজিত হৈ একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ সপোন চূৰমাৰ হ’ল আৰ্জেণ্টিনাৰ। দেওবাৰে আমেৰিকাৰ নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত উত্তেজনাপূৰ্ণ ফাইনেলখনৰ অতিৰিক্ত সময়ত কৰা একমাত্ৰ গ’লেৰে স্পেইনে জয় সাব্যস্ত কৰি দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ ট্ৰফী নিজৰ নামত কৰে।

অৱশ্যে, খেলৰ সমাপ্তিৰ পিছত সমগ্ৰ ফুটবল বিশ্বই সাক্ষী হ’ল এক চৰম আৱেগঘন দৃশ্যৰ। ৰেফাৰীৰ শেষ হুইছেল বাজি উঠাৰ লগে লগে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ’নেল মেছি খেলপথাৰতে আঁঠু কাঢ়ি বহি পৰে আৰু চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলে। ৩৯ বছৰীয়া এই কিংবদন্তি ফুটবলাৰগৰাকীৰ কান্দোনত স্পষ্ট হৈ পৰিল পুনৰবাৰ বিশ্বজয়ৰ সপোন ভাঙি যোৱাৰ গভীৰ হতাশা।

ষ্টেডিয়ামত উপস্থিত হাজাৰ হাজাৰ দৰ্শকে সেই ক্ষণত একমুখে ‘মেছি… মেছি…’ ধ্বনিৰে সমগ্ৰ পৰিৱেশ আৱেগিক কৰি তোলে। অসংখ্য অনুৰাগীয়ে হাতত পোষ্টাৰ আৰু প্লে-কাৰ্ড লৈ থিয় হৈ কিংবদন্তি ফুটবলাৰগৰাকীক আৱেগিক বিদায় জনায়। নিশ্চিতভাৱে বহু অনুৰাগীৰ বাবে এইখন আছিল মেছিৰ কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপ মেচ।

দল পৰাজিত হৈ ট্ৰফী হাতৰ পৰা ওলাই গ’লেও ব্যক্তিগতভাৱে লিঅ’নেল মেছিয়ে আন এক ইতিহাস ৰচনা কৰে। বিশ্বকাপৰ ইতিহাসত তিনিখন ফাইনেল খেলা দ্বিতীয়গৰাকী ফুটবলাৰ হিচাপে নিজৰ নাম পঞ্জীয়ন কৰে মেছিয়ে। ইয়াৰ উপৰি ৩৯ বছৰ বয়সত বিশ্বকাপ ফাইনেল খেলা আটাইতকৈ বয়োজ্যেষ্ঠ ‘আউটফিল্ড’ ফুটবলাৰ হিচাপেও নতুন বিশ্ব অভিলেখ গঢ়ে তাৰকাগৰাকীয়ে।

You might also like