নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাৰ পৰা ১৪ বছৰীয়া কিশোৰী নিৰুদ্দেশ

ৰহাৰ বাৰপূজীয়া বাকৰিগাঁৱৰ পৰা এগৰাকী ১৪ বছৰীয়া কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, নমি সেনাপতি নামৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী যোৱা ১৭ জুলাইৰ দুপৰীয়াৰ পৰা নিজা ঘৰৰ পৰাই নিৰুদ্দেশ হৈ আছে।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ সময়ত ঘৰত কোনো নাছিল। পিছত মাক-দেউতাক ঘৰলৈ আহি জীয়ৰীক বিচাৰ-খোঁচাৰ কৰে যদিও কোনো সন্ধান লাভ নকৰাত অৱশেষত কিশোৰীগৰাকীৰ পিতৃ জিতুমণি সেনাপতিয়ে ৰহা থানাত এখন এজাহাৰ দাখিল কৰে। ঘটনাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ইফালে, কোনো লোকে কিশোৰীগৰাকীৰ কোনো সন্ধান পালে পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। যোগাযোগৰ নম্বৰ: 7099843286।

ডিজিটেল ডেস্ক, ২০ জুলাই

You might also like