আজি ২১ জুলাই, শাওণ মাহৰ ৪ তাৰিখ
মঙলবাৰ : তিথি–সপ্তমী, নক্ষত্র : চিত্রা, যাত্রা : নাই
মেষ : আজি কর্মক্ষেত্রত সফলতা লাভৰ সম্ভাৱনা আছে৷ কোনো নতুন কাম আৰম্ভ কৰিব পাৰে৷ প্রেমত মধ্যম৷ ভ্রমণত বাধা৷ খৰচত সংযম ৰাখক৷ শুভ ৰং বগা, শুভ সংখ্যা–২৷
বৃষ : আজি স্বাস্থ্যৰ প্রতি অলপ সাৱধান হওক৷ পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ পাব৷ আর্থিক অৱস্থা স্থিত থাকিব৷ ভ্রমণৰ যোগ আছে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা– ৯৷
মিথুন : আজি গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা৷ দিনটোত অনাৱশ্যক খৰচৰ মাত্রা বৃদ্ধি পাব৷ স্বাস্থ্য মধ্যম৷ শুভ ৰং নীলা, শুভ সংখ্যা– ৮৷
কর্কট : আজি ঘৰুৱা বিষয়ত ধৈর্য ধৰি আগবাঢ়ক৷ স্বাস্থ্যৰ যত্ন লোৱা প্রয়োজন৷ চাকৰিয়ালসকলৰ দিনটো শুভ৷ পিতৃ–মাতৃৰ শাৰীৰিক যত্ন লওক৷ বিবাহৰ যোগ দেখা যায়৷ প্রেমত মধ্যম৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা–১৷
সিংহ : আজি আত্মবিশ্বাসে সফলতা আনিব৷ নেতৃত্ব দিয়াৰ যোগ দেখা যায়৷ শিক্ষার্থীয়ে শুভ ফল লাভ কৰিব৷ ছুটীৰ ভ্রমণৰ সম্ভাৱনা আছে৷ দাম্পত্য জীৱন শুভ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা–৪৷
কন্যা : আজি আর্থিক দিশত শুভ৷ কন্যা সন্তানৰ বিবাহৰ যোগ দেখা যায়৷ কর্মত কিছু বাধা আহিব পাৰে৷ বিদ্যাত সাফল্য লাভ কৰিব৷ ভ্রমণত বাধা৷ প্রেমত শুভ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা–৬৷
তুলা : আজি বন্ধুৰ পৰা কোনো কথাত সহায় লাভ কৰিব৷ দাম্পত্য পূর্বৰ তুলনাত ভাল দেখা যায়৷ ব্যৱসায় ভাল চলিব৷ দাম্পত্য সম্পর্ক মজবুত হ’ব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা–৯৷
বৃশ্চিক : আজি কর্মক্ষেত্রত পৰিশ্রমৰ ফল পাব৷ সন্তানৰ স্বাস্থ্যৰ বিষয়ে সচেতন থাকক৷ খং নিয়ন্ত্রণত ৰাখিব৷ পূব দিশে ভ্রমণ নকৰিব৷ শিক্ষার্থীসকলৰ বাবে দিনটো শুভ৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা–৫৷
ধনু : আজি সামাজিক ব্যস্ততা বৃদ্ধি হ’ব৷ ভ্রমণৰ সম্ভাৱনা আছে৷ শিক্ষার্থীসকলৰ বাবে দিনটো মধ্যম৷ চাকৰি হোৱাৰ যোগ দেখা যায়৷ প্রেম আৰু দাম্পত্যত শুভ৷ শুভ ৰং কমলা, শুভ সংখ্যা–৭৷
মকৰ : আজি বন্ধুবর্গৰ পৰা সহায় লাভ কৰিব৷ মাংগলিক কর্মত টকা–পইচা খৰচ হ’ব৷ ধৈর্য আৰু ব্যৱসায়ে সফলতা আনিব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা– ৩৷
কুম্ভ : আজি পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ সন্তানৰ স্বাস্থ্যৰ বিষয়ে সচেতন থাকক৷ বন্ধু–বান্ধৱৰ সহায় লাভ কৰিব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং ধূসৰ, শুভ সংখ্যা–৬৷
মীন : আজি সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব৷ পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ সৃজনশীল কামত সফলতা পাব৷ শুভ ৰং– সোণালী, শুভ সংখ্যা–৪৷