নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লণ্ডনৰ প্রশিক্ষণ কেন্দ্রৰ পৰা গ্লাছগোলৈ ৰাওনা নয়নমণি

চতুর্থবাৰৰ বাবে কমনৱেলথ গেমছত দেশৰ হৈ প্রতিনিধিত্ব কৰিবলৈ লণ্ডনৰ প্রশিক্ষণ শিবিৰৰ পৰা স্কটলেণ্ডৰ গ্লাছগোলৈ ৰাওনা হৈছে সৰুপথাৰৰ জীয়ৰী তথা অসম গৌৰৱ লনবল খেলুৱৈ নয়নমণি শহকীয়া৷

উল্লেখ্য যে উক্ত মেগা স্প’ৰ্টছ ইভেণ্টত ভাৰতক প্রতিনিধিত্ব কৰিবলগীয়া অসমৰ ৪গৰাকী খেলুৱৈৰ ভিতৰত দুগৰাকী হৈছে সৰুপথাৰ সম–জিলাৰ৷ এগৰাকী লনবল খেলুৱৈ নয়নমণি শহকীয়া আৰু আনগৰাকী অলিম্পিক পদক জয়ী বক্সাৰ লাভলীনা বৰগোহাঁই৷

উল্লেখ্য যে লণ্ডনৰ মেডেনহেড প্রশিক্ষণ কেন্দ্রত ২ জুলাইৰ পৰা প্রশিক্ষণ গ্রহণ কৰাৰ অন্তত স্কটলেণ্ড অভিমুখে ৰাওনা হৈছে নয়নমণি শহকীয়াসহ ভাৰতীয় লনবল খেলুৱৈৰ দলটো৷ ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া কমনৱেলথ গেমছৰ ছিংগলছ আৰু দলীয় শাখাত অংশগ্রহণ কৰিব নয়নমণিয়ে৷

নয়নমণি শহকীয়াই খেলৰ প্রস্তুতি যথেষ্ট ভাল হোৱা আৰু প্রতিখন খেলতে মই মোৰ সর্বস্ব উজাৰি দিম বুলি কোৱাৰ লগতে অসমবাসীৰ পৰা আশীর্বাদ বিচাৰিছে, যাতে ভাল খেল প্রদর্শন কৰিব পাৰে৷

উল্লেখ্য যে ২০২২ চনত বার্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত দলীয় শাখাত সোণৰ পদক লাভ কৰি অসমবাসীক গৌৰৱান্বিত কৰিছিল৷

নিয়মীয়া বাতা, বৰপথাৰ, ২১ জুলাই

You might also like