নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ বান : ৩.৬৩ লাখ লোক আক্ৰান্ত, ৫জনৰ মৃত্যু

ধাৰাসাৰ বৰষুণ আৰু ব্ৰহ্মপুত্ৰসহ ইয়াৰ উপনৈসমূহৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত অসমত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ ১৬খন জিলাৰ প্ৰায় ৩.৬৩ লাখ লোক বৰ্তমান বানৰ কবলত পৰিছে।

বিগত ২৪ ঘণ্টাত বান-সংক্ৰান্ত ঘটনাত ৫জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত তিনিজন পুৰুষ আৰু দুটিক শিশু আছে। ইয়াৰে যোৰহাট জিলাত ৪জন আৰু কাৰ্বি আংলঙত এজন লোকৰ মৃত্যু হৈছে।

আনহাতে, চৰাইদেউ আৰু কাৰ্বি আংলং জিলাত এটি শিশুসহ দুজন লোক এতিয়াও সন্ধানহীন হৈ আছে।

ASDMA-ৰ তথ্য অনুসৰি, ৪৫টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৭৯৪খন গাঁও সম্পূৰ্ণৰূপে বানপানীত প্লাৱিত হৈছে। লগতে ১৯,০৯৯.৫৯ হেক্টৰতকৈ অধিক কৃষিভূমি পানীৰ তলত ডুব গৈছে।

জিলাভিত্তিকভাৱে শিৱসাগৰত সৰ্বাধিক ১.৫৭ লাখ, চৰাইদেউত ১.০৪ লাখ আৰু যোৰহাটত ৫০ হাজাৰৰো অধিক লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে। মানুহৰ লগতে প্ৰায় ৩.৮৯ লাখ পশুধনো চলিত বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত একাধিক নদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰিছে। বিপদসীমাৰ ওপৰেৰে বৈ থকাত বহু অঞ্চলত বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে।

বিগত ২৪ ঘণ্টাত বানৰ ফলত ২৯টা পথ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৬টা স্থানত মথাউৰি ভাঙি যোৱাত বহু অঞ্চলৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।

বান পৰিস্থিতিৰ মাজতে জিলা প্ৰশাসনে ১০১টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। এই শিবিৰসমূহত প্ৰায় ৪৫ হাজাৰ লোকে আশ্ৰয় লৈ আছে।

ভাৰতীয় সেনা, NDRF, SDRF, অৰ্ধসামৰিক বাহিনী আৰু অগ্নি তথা জৰুৰীকালীন সেৱাৰ দলসমূহে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই সোমবাৰে প্ৰায় ৭ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ নিৰ্দেশত ৰাজ্য চৰকাৰৰ কেইবাজনো কেবিনেট মন্ত্ৰীয়ে সোমবাৰে বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ অগ্ৰগতিৰ তদাৰক কৰে।

ডিজিটেল ডেস্ক, ২১ জুলাই

You might also like